ASSAM TIMES POST
গুৱাহাটীঃ অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে শেহতীয়াভাৱে নিযুক্ত কৰা হৈছে অগ্নি আৰু জৰুৰীকালীন সেৱাৰ বিশেষ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তক।
অহা ৩০ নৱেম্বৰত বৰ্তমানৰ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ অৱসৰৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী ৩ মাহৰ বাবে মহন্তক ভাৰপ্ৰাপ্ত ডিজিপি হিচাপে নিযুক্তি দিয়া হয়। শিৱসাগৰৰ সুযোগ্য সন্তান মহন্তই ১৯৮৮ চনত অসম কেডাৰৰ বিষয়া হিচাপে ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ)লৈ নিৰ্বাচিত হৈছিল।
ইতিমধ্যে মহন্তই ৰাষ্ট্ৰপতিৰ সোণৰ পদক, অসমৰ মুখ্যমন্ত্ৰীৰ পদক লাভ কৰিছে। উল্লেখযোগ্য যে কুলধৰ শইকীয়াৰ অৱসৰ গ্ৰহণৰ পৰিপ্ৰেক্ষিতত পৰৱৰ্তী ডিজিপি বাছনিৰ বাবে অসম চৰকাৰে ৰাজ্যৰ ৪ গৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ এটা পেনেল কেন্দ্ৰীয় লোকসেৱা আয়োগলৈ প্ৰেৰণ কৰিছে।