![]()
ড্ৰাগছ (Drugs) বিৰোধী অভিযানত কাছাৰ আৰক্ষীৰ (Cachar Police) সফলতা। শনিবাৰে কাছাৰ আৰক্ষীৰ জালত পৰে নিষিদ্ধ ড্ৰাগছসহ এজন সৰবৰাহকাৰী। শিলচৰৰ পৰা ১.৫ লাখ য়াবা টেবলেটসহ গ্ৰেপ্তাৰ কৰে এজন ব্যক্তিক।
এই সন্দৰ্ভত কাছাৰৰ আৰক্ষী অধীক্ষক নোমল মহাতোৱে (Numal Mahatta) সংবাদ মাধ্যমৰ আগত কয় যে আৰক্ষীয়ে সন্দেহবশত এখন গাড়ীত তালাচী চলাওতে গাড়ীখনৰ পৰা উদ্ধাৰ হয় ১৫ পেকেট য়াবা টেবলেট।পিছত ড্ৰাগছসহ গাড়ীখন জব্দ কৰা হয়। গাড়ীখনৰ নম্বৰ হৈছে MZ 01 U 7350 । গ্ৰেপ্তাৰ হোৱা লোকজন হৈছে লালচামৱালামা (৩২)। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, জব্দ কৰা টেবলেটখিনিৰ বজাৰ মূল্য মূল্য প্ৰায় ১৫ কোটি টকা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পৰৱৰ্তী তদন্ত আৰম্ভ কৰিছে।














