![]()
বিহুৰ বিশ্বৰেকৰ্ডৰ এদিন পিছত অৰ্থাৎ গৰু বিহুৰ দিনাখন অসম ভ্ৰমণলৈ আহিছে প্ৰধানমন্ত্ৰী (PM to visit Assam)। আজি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণৰ বাবে উছৰ্গা কৰে আইমছ গুৱাহাটী (AIIMS Guwahati। লগতে উদ্বোধন কৰে তিনিখন মেডিকেল কলেজ হস্পিটেল। অংশগ্ৰহণ কৰে গুৱাহাটী হাইকোৰ্টৰ প্লেটিনাম জুবিলিৰ সামৰণি অনুষ্ঠানত। ইয়াৰ পিছত মুখ্যমন্ত্ৰী উপস্থিত হয় সৰুসজাই ষ্টেডিয়ামত (Saroosjai Stadium)।

এদিন পূৰ্বে ইয়াতেই অসমৰ বিহুৱে বিশ্ব অভিলেখ সৃষ্টি কৰিছিল। আজি প্ৰধানমন্ত্ৰীয়ে উপভোগ কৰে প্ৰায় ১১ হাজাৰ বিহুৱা-বিহুৱতীৰ বিহু (Bihu)। তাৰ পূৰ্বে প্ৰধানমন্ত্ৰীক বিপুলভাৱে আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰীক ষ্টেডিয়ামলৈ আদৰি নিয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠানৰ দলে। লগতে বিশাল জনগণে তেওঁক পথত আদৰণি জনায়।

ষ্টেডিয়ামৰ ভিতৰতো ব্যাপকভাৱে সন্মান জনোৱা হয় মোদীক। এখন সুদৃশ্য ৰথত উঠি প্ৰধানমন্ত্ৰীয়ে উপস্থিত ৰাইজৰ অভিবাদন গ্রহণ কৰে। ইয়াৰ পিছত উপভোগ কৰে বিহুৰ অনুষ্ঠান।












