ডিব্ৰুগড়ত (Dibrugarh) বিশাল জনসভাত উপস্থিত থাকি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন তথা প্ৰগতিৰ খতিয়ান (Reports of Progress) দাঙি ধৰিলে। কাৰ্যকৰ্তা সন্মিলনত উপস্থিত থাকি অমিত শ্বাহে জনসাধাৰণক উদ্দেশ্যি কয় যে, “আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসন লাভ কৰিব আৰু ৩০০ ৰো অধিক আসনেৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাবে নিৰ্বাচিত হ’ব নৰেন্দ্ৰ মোদী।”
নৰেন্দ্ৰ মোদী সুশানৰ ফলত অসমৰ ৭০ শতাংশ স্থানত সশস্ত্ৰ বাহিনী আঁতৰোৱাৰ লগতে বড়োলেণ্ড আৰু কাৰ্বি আংলঙলৈ শান্তি ঘূৰি আহিছে তথা আঠ সশস্ত্ৰ আদিবাসী সংগঠন মূল সুঁতিলৈ ঘূৰি অহা বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। বিভিন্ন সীমা বিবাদ নিস্পত্তিকৰণ কৰা হৈছে নৰেন্দ্ৰ মোদীৰ ফলতেই বুলি তেখেতে কয়। ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নিৰ্মাণ হ’বলগীয়া বিজেপিৰ উজনিৰ আঞ্চলিক কাৰ্যালয়ৰ শিলান্যাস কৰি এই জনসভাত উপস্থিত হৈ অমিত শ্বাহে ৰাহুল গান্ধীকো তীব্ৰ কটাক্ষ কৰে। ভাৰত জোৰো আন্দোলনেৰে ৰাহুল গান্ধীয়ে বহুল প্ৰচেষ্টা কৰাৰ পিছতো তেওঁ উত্তৰ-পূবৰ তিনি ৰাজ্যত হোৱা নিৰ্বাচনত বেয়াকৈ ধৰাশায়ী হ’ল বুলি কয় অমিত শ্বাহে।
নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এইবাৰ অসমৰ বিহুৱে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত অভিলেখ গঢ়ি তুলিব বুলি কোৱাৰ লগতে তেখেতে বিহুটিক সমগ্ৰ দেশৰ বাবে এক শুভ উৎসৱ বুলি মন্তব্য কৰে। নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে শাসনভাৰ লোৱাৰ পাছত ৪১ হাজাৰ অধিক লোকক নিযুক্ত দিয়া হৈছে। ধান ক্ৰয় অভিযানত প্ৰতি কুইণ্টল ধানত ১৯৪০ টকাত ক্ৰয় কৰা,৪৪ হাজাৰ কৃষকৰ ধান ক্ৰয় কৰা,২ লাখ হেক্টৰ কৃষিভূমিত পাম অইল উৎপাদনৰ বাবে,প্ৰাকৃতিক খেতিৰ বাবে ২০ হাজাৰ হেক্টৰ কৃষিভূমি চিহ্নিত,১২ লাখ পৰিয়াল দৈনিক ভাট্টা,১২ মেডিকেল কলেজ স্থাপন,১২ মেডিকেল কলেজ স্থাপিত হব। আৰু প্ৰধানমন্ত্ৰী মোদীয়ে বিহুৰ দিনতে অসমক এইমচ উপহাৰ দিব।
কংগ্ৰেছ সমালোচনা কৰি অমিত শ্বাহে কয় যে, “পূৰ্ব্বোত্তৰ ৰাজ্যৰ বাবে কংগ্ৰেছৰ সময়ত ৩৬ হাজাৰ কৌটি টকাৰ বাজেত দিয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী মোদীয়ে ৭৪ হাজাৰ কোটিলৈ বৃদ্ধি কৰিছে। ২০১৪ চনৰ পৰা বৰ্তমানলৈ কেৱল আন্ত:গাঠনিৰ নামত ২ লাখ ৬৪ হাজাৰ কোটি টকা ব্যয় কৰা বুলি উল্লেখ কৰি অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱক বিকাশ-প্ৰগতি আৰু উন্নয়নৰে শান্তি প্ৰতিস্থা কৰিবলৈ সক্ষম হৈছে।” তেখেতে শেষত অসমৰ মেগা বিহু অনুষ্ঠানক লৈ সকলোকে শুভকামনা জ্ঞাপন কৰে।