পঞ্জাব আৰক্ষী (Punjab Police)য়ে পলাতক খালিস্তান সমৰ্থক শিখ নেতা অমৃতপাল সিঙৰ ঘনিষ্ঠ (Close to Amritpal Singh) পপ্পলপ্ৰীত সিঙক (Pappalpreet Singh) গ্ৰেপ্তাৰ (Arrested) কৰে। সংবাদ সংস্থাৰ সূত্ৰৰ পৰা জানিব পৰা মতে, সোমবাৰে দিল্লী আৰক্ষীৰ সৈতে যৌথ অভিযানত পপ্পলপ্ৰীতক হোছিয়াৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
পঞ্জাব আৰক্ষীৰ গোচৰীয়াৰ মতে, অমৃতপাল আৰু তেওঁৰ ঘনিষ্ঠ বন্ধু ৱাৰিছ পঞ্জাব দে সংগঠনৰ মুৰব্বী পপ্পলপ্ৰীতে মাৰ্চ মাহৰ পৰা আৰক্ষীৰ পৰা পলাই আছিল। বিগত কিছু সপ্তাহত তেওঁলোকে পঞ্জাবৰ জলন্ধৰ, হোছিয়াৰপুৰ আৰু অমৃতসৰৰ কেইবাটাও আত্মগোপন স্থানত অভিযান চলাইছে। আৰক্ষীৰ মনোযোগৰ পৰা হাত সাৰিবলৈ ফাগোৱাৰা চহৰৰ পৰা নদলন আৰু বিবি গাঁৱতো আশ্ৰয় লয়। আৰক্ষীৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ যোৱা কেইসপ্তাহমানৰ ভিতৰত অমৃতপালে কেইবাবাৰো ৰূপ সলনি কৰাৰো দাবী কৰা হৈছে।
সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সোমবাৰে দিল্লী আৰক্ষীৰ বিশেষ কোষৰ সৈতে পঞ্জাব আৰক্ষীৰ বিষয়াসকলে হোছিয়াৰপুৰত তালাচী অভিযান চলায়। পপ্পলপ্ৰীতক ধৰে আৰক্ষীয়ে। যদিও এইবাৰো এতিয়ালৈকে সন্ধানহীন হৈ আছে অমৃতপাল।
আৰক্ষীৰ মতে, ১৮ মাৰ্চৰ পৰা পলাতক হৈ আছে অমৃতপাল। যোৱা ১৮ মাৰ্চত অমৃতসৰ সমীপৰ অঞ্জলা আৰক্ষী থানাত কেইবাশ লোকৰ সৈতে আক্ৰমণ কৰি নিজৰ সংগীক লকআপৰ পৰা মুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে অমৃতপাল আৰু পপ্পলপ্ৰীতে। ঘটনাৰ পিছৰে পৰা দুয়ো পলাতক হৈ আছিল। জলন্ধৰ জিলাৰ থানাত সংঘটিত আক্ৰমণৰ সৈতে জড়িত অমৃতপাল আৰু পপ্পলপ্ৰীতৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, আৰক্ষী জোৱানক আক্ৰমণ আৰু শান্তি ভংগৰ অভিযোগ উত্থাপন হৈছে।