ASSAM TIMES POST
গুৱাহাটীঃ গত ২১ অক্টোবৰত অনুষ্ঠিত অসম বিধান সভাৰ উপ নিৰ্বাচনত জয়লাভ কৰা চাৰি গৰাকী বিধায়কে বৃহস্পতিবাৰে শপতগ্ৰহণ কৰে।
অসম বিধান সভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে উপ নিৰ্বাচনত জয়লাভ কৰা চাৰিগৰাকী বিধায়ক বিজয় মালাকাৰ (ৰাতাবাৰী), নৱনীতা সন্দিকৈ (সোণাৰি), ৰাজেন বৰঠাকুৰ (ৰঙাপৰা) আৰু ৰফিকুল ইছলাম (জনীয়া)ক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাই বিধান সভাৰ অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীয়ে। উল্লেখযোগ্য যে ৰাতাবাৰী, সোণাৰি আৰু ৰঙাপৰা বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু জনীয়া বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা চমুকৈ এআইইউডিএফৰ প্ৰাৰ্থী জয়ী হৈছিল।