ASSAM TIMES POST
গুৱাহাটীঃ অসমৰ সদ্য প্ৰকাশিত উন্নীত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (এনআৰচি)ৰ সমন্বয়ক (সদ্য প্ৰাক্তন) প্ৰতীক হাজেলাৰ বিৰুদ্ধে বৃহস্পতিবাৰে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ চিবিআইক লিখিত অভিযোগ দিয়ে আছাম পাব্লিক ৱৰ্কছ (এপিডব্লিউ) এ। সংগঠনটোৰ বিষয়ববীয়া ৰাজীৱ ডেকাই কৰা অভিযোগ অনুসৰি অসমৰ এনআৰচি উন্নীতকৰণৰ নামত সমন্বয়ক প্ৰতীক হাজেলা আৰু তেওঁৰ নিকট কৰ্মচাৰীয়ে চৰকাৰী ধনৰ বুজন অংশৰ কেলেংকাৰি/অপ ব্যৱহাৰ কৰিছে। ডেকাই অভিযোগ পত্ৰখনত মুঠ ৬টা অভিযোগ উত্থাপন কৰি প্ৰতীক হাজেলাৰ বিৰুদ্ধে যথোচিত তদন্তৰ আহ্বান জনাই চিবিআইক। ডেকাই এই পত্ৰখন গুৱাহাটীৰ গড়চুকস্থিত (বেতকুচি) চিবিআইৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়াক অৰ্পণ কৰে।