পঞ্জাবত বিয়পিব পাৰে নতুন অশান্তি। এই আশংকাৰ বাবেই ৰাজ্যখনৰ আপ চৰকাৰে ১৪ এপ্ৰিললৈকে সকলো আৰক্ষীৰ ছুটী বাতিল (Police leave cancelled) কৰে। এই খবৰ লাভ কৰা হৈছে ৰাজ্য প্ৰশাসনৰ সূত্ৰৰ পৰা। উক্তদিনা পঞ্জাবৰ বৈশাখী উৎসৱ (Baisakhi Festival of Punjab)। শিখসকলৰ বাবে এই উৎসৱৰ এক বিশেষ তাৎপৰ্য আছে।
পুনৰ সেইদিনা বিচ্ছিন্নতাবাদী খালিস্তানী নেতা (Khalistani leader) অমৃতপাল সিঙে (Amritpal Singh) সাৰাৱত খালছা আয়োজন কৰিবলৈ আহ্বান জনায়। সেই সমাৱেশৰ পৰাই অশান্তিৰ জুই বিয়পিব পাৰে বুলি প্ৰশাসনৰ এটা অংশই আশংকা কৰিছে। গতিকে সতৰ্কতামূলক ব্যৱস্থা হিচাপে চৰকাৰে আৰক্ষীৰ ছুটী বাতিল কৰি যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব বিচাৰে।
উল্লেখ্য, আৰক্ষীৰ চকুত ধূলি মাৰি পলায়ন কৰাৰ পিছত এতিয়াও সন্ধানহীন হৈ আছে অমৃতপাল। খালিস্তানী নেতাজনৰ একাংশ সহযোগীক গ্ৰেপ্তাৰ কৰি তেওঁৰ অৱস্থা নিশ্চিত কৰাৰ চেষ্টা চলাইছে আৰক্ষীয়ে। কিছুদিন পূৰ্বে অমৃতপালে এটা গোপন ডেৰাৰ পৰা ভিডিঅ’ মেছেজ দিছিল। তাতে তেওঁ শিখসকলৰ সৰ্বোচ্চ ধৰ্মীয় সংস্থা অকাল তখতৰ জাথেদৰ জ্ঞানী হৰপ্ৰীত সিংক সাৰবাত খালছাৰ আয়োজন কৰিবলৈ আহ্বান জনায়।
তেওঁ ১৪ এপ্ৰিলৰ দিনটো সাৰাৱত খালছা আয়োজন কৰাৰ দিন হিচাপে নিৰ্ধাৰণ কৰে। অমৃতপালৰ এই আহ্বানৰ প্ৰতি অকাল তখতে কিমান সঁহাৰি দিব সেই লৈ বহুতে সন্দেহ প্ৰকাশ কৰিছে। তদুপৰি, শিৰোমণি গুৰদ্বাৰ প্ৰবন্ধক সমিতি গঠনৰ পিছত সাৰাৱত খালছাৰ পুৰণি গুৰুত্ব হেৰুৱাই পেলায়। অৱশ্যে পঞ্জাব চৰকাৰে সাৱধানতাত কোনো ধৰণৰ সুৰুঙা এৰিব নিবিচাৰে।
পঞ্জাব আৰক্ষীৰ সূত্ৰ অনুসৰি, ডিজিয়ে সকলো আৰক্ষী বিষয়া, আনকি কনিষ্টবললৈও বাৰ্তা প্ৰেৰণ কৰিছে যে তেওঁলোকৰ ছুটী ১৪ এপ্ৰিললৈকে বাতিল কৰা হৈছে। অনিবাৰ্য কাৰণৰ বাহিৰে আগতীয়াকৈ অনুমোদিত সকলো ছুটীও বাতিল কৰা হৈছে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক কোনো ছুটীৰ আবেদনৰ অনুমতি নিদিবলৈ অৱগত কৰা হৈছে।