ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ গোলাঘাটত ড্ৰাগছ লৈ থাকোতে হাতে লোটে ধৰা পেলাই গোলাঘাট আৰক্ষীয়ে। বুধবাৰে নিশা গোলাঘাটত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ কেইবাটাও অঞ্চলত অভিযান চলাই ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে দুটা ড্ৰাগছ বেপাৰীক৷ গোলাঘাটৰ জ্যোতিনগৰত থকা এটা ব্যক্তিগত ছাত্ৰাবাস আৰু কছাৰীহাটৰ বনগাঁৱত অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা দুটা কুখ্যাত ড্ৰাগছ বেপাৰী নাম হল তিতাবৰৰ নিকু শইকীয়া আৰু কছাৰীহাটৰ পিকু শইকীয়া৷ উল্লেখ্য যে বৰ্তমান সময়ত যোৰহাট জিলাৰ তিতাবৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ কৰি একাংশ ড্ৰাগছ বেপাৰীয়ে যুৱ প্ৰজন্মক কোঙা কৰাৰ ষড়যন্ত্ৰ ৰচিছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰু অধিক তদন্ত অব্যাহত ৰাখিছে