ASSAM TIMES POST
নগাঁও : কাৰ্বি-আংলং জিলাৰ কাণ্ঠিলাংচত সংঘটিত ৰাজ্য কপোৱা অভি-নীল হত্যাকাণ্ড সম্পৰ্কত নগাঁও আদালতত চলি থকা গোচৰৰ এগৰাকী অভিযুক্তৰ তথ্যপাতি আজি পৰীক্ষা কৰে আদালতে।অভিযুক্তগৰাকী জুভেনাইল হয় বুলি অভিযুক্তৰ অধিবক্তাই কৰা আবেদনৰ ওপৰত ভিত্তি কৰিয়েই আদালতে তথ্য পাতি পৰীক্ষা কৰে।আদালতে অভিযুক্ত গৰাকী জুভেনাইল হয় নে নহয় এই সম্পৰ্কত তদন্ত কৰিবৰ বাবে অভিযুক্ত গৰাকীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষকক আদালতত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল।সেই অনুযায়ী আজি প্ৰধান শিক্ষকজনে বিভিন্ন তথ্যপাতি লৈ আদালতত উপস্থিত হৈছিলহি ।কিন্তু প্ৰধান শিক্ষক জনে অভিযুক্তৰ বয়স সম্পৰ্কত মূল প্ৰমান পত্ৰ আজি দাখিল কৰিব নোৱৰাত আদালতে এই সম্পৰ্কত পুনৰ তথ্য পাতি পৰীক্ষাৰ বাবে ১৮ ডিচেম্বৰ পৰবৰ্তী তাৰিখ নিৰ্ধাৰণ কৰে।
উল্লেখ্য অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাণ্ডৰ ৪৭ জন অভিযুক্তৰ ভিতৰত এজন জুভেইনাইল বুলি চৰ্চা চলি আছে।ইপিনে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়ালৈ স্থৱিৰতা নামি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰিছে অভি-নীলৰ পৰিয়ালে।ভুক্তভোগী পৰিয়াল দুটাই আজি নগাঁও আদালতত সংবাদ মাধ্যমৰ আগত কয় যে- বিপক্ষৰ অধিবক্তাই গোচৰটো লেহেমীয়া কৰিবলৈ চেষ্টা চলাই আছে।গতিকে সমস্যাৰ সৃষ্টি হৈছে।আনহাতে দিন বাঢ়ি গৈ থকাৰ বাবে গোচৰটোৰ গুৰুত্বও কমি আহিছে বুলি নিহত যুৱকদ্বয়ৰ পিতৃদ্বয়ে কয়।অভি-নীলৰ পিতৃ ক্ৰমে অজিত নাথ আৰু গোপাল চন্দ্ৰ দাসে প্ৰকৃত ন্যায় পোৱাৰ ক্ষেত্ৰত সকলোকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।উল্লেখ্য, ২০১৮ বৰ্ষৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত কান্ঠিলাংচত এদল উন্মত্ত লোকে সোপাধৰাৰ সন্দেহত অতি নৃশংসভাবে হত্যা কৰিছিল অভিজিৎ নাথ আৰু নিলোৎপল দাস নামৰ যুৱক দুজনক।