ASSAM TIMES POST
নগাঁও: নগাওঁ, ডিমা হাছাও, মৰিগাঁও, হোজাই, পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাক সামৰি বিশেষ ভাৱে সক্ষম লোকৰ অধিকাৰ সম্পৰ্কীয় এখন সজাগতা সভা আজি নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উক্ত সভাত প্ৰধানকৈ বিশেষ ভাৱে সক্ষম ব্যক্তি সকলে সমাজত পাবলগা সম অধিকাৰ আৰু বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। সভাত শিশু সাৰথি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ বিষয়া অম্বালিকা সেনাপতিয়ে সমল ব্যক্তি ৰূপে ভাষণ দিয়ে।আনহাতে বন্তি প্ৰজ্বলন কৰি সভাখন শুভাৰম্ভ কৰে নগাঁও জিলাৰ উপায়ুক্ত যাদৱ শইকীয়াই। উক্ত অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত ভূপেশ দাস, অতিৰিক্ত উপায়ুক্ত দেৱযানি চৌধুৰীৰ লগতে বিভিন্ন জিলাৰ পৰা অহা বিষয়া সকল উপস্থিত থাকে।