ASSAM TIMES POST
নতুন দিল্লীঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে বুধবাৰে কাৰ্ট’ছেট-৩ নামৰ মহাকাশযানখন সফলতাৰে উৎক্ষেপন কৰি ১৩ টাকৈ বাণিজ্যিক উপগ্ৰহ নিজ-নিজ কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হয়। অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰপৰা পিএছএলভি-চি৪৭ ৰ জৰিয়তে উক্ত মহাকাশযানখন উৎক্ষেপন কৰা হয়। উল্লেখযোগ্য যে আমেৰিকাৰপৰা উক্ত ১৩ নেন’ছেটেলাইট আহৰণ কৰা হৈছে। বুধবাৰে পুৱা ৯.২৮ বজাত এই উৎক্ষেপন সম্পন্ন কৰা হয়। লিফ্ট-অফৰ ১৭ মিনিট ৩৮ ছেকেণ্ডৰ পাছতে কাৰ্ট’ছেট-৩ এ নিজৰ কক্ষপথত স্থিতি লয়। সফল উৎক্ষেপনৰ পাছত এক বিবৃতিত ইছৰোৰ মুৰব্বী ডঃ কে ছিবানে আনন্দ প্ৰকাশ কৰি কয়, ’১৩ টা আন উপগ্ৰহৰ সৈতে পিএছএলভি-চি৪৭ য়ে সফলতাৰে কক্ষপথত স্থাপন কৰিবলৈ সক্ষম হ’ল। কাৰ্ট’ছেট-৩ হৈছে সৰ্বোচ্চ ৰিজ’লুচনৰ চিভিলিয়ান ছেটেলাইট। অহা বৰ্ষৰ মাৰ্চত আমাৰ ১৩ টা অভিযান আছে।’