অসম চৰকাৰে (Assam Government) বিহু নাচে (Bihu Dence)ৰে বিশ্ব ৰেকৰ্ড (World recored) গঢ়াৰ বাবে এক বৃহৎ প্ৰকল্প লৈছে ৷ ১৪ এপ্ৰিলত অৰ্থাৎ ৰঙালী বিহুৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)ৰ উপস্থিতিত অসমৰ এঘাৰ হাজাৰ নাচনীয়ে একেলগে বিহু নাচ নাচিব ৷ এই বিহু নাচে গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড (Greenridge World Records ) গঢ়িব৷ অসমৰ প্ৰতিখন জিলাৰ পৰা এই মেগা বিহুত অংশগ্ৰহণ কৰিব বিহু দলে ৷ কাৰবি আংলং (Karbi Anglong) জিলাৰ পৰাও ৭০ জনীয়া দলে ল’ব ভাগ ৷
ডিফুৰ পৰা ২০ গৰাকী, বোকাজানৰ পৰা ২৫ গৰাকী আৰু বকলীয়া-হাওৰাঘাটৰ পৰা ২৫ গৰাকী নাচনী, ঢোলীয়া, পেপাঁ বাদক, তাল বাদকৰ দলে অংশগ্ৰহণ কৰিব৷ ২৪ মাৰ্চৰ পৰা ডিফু ক্লাৱ, বকলীয়াঘাতৰ আটি গাৱঁত আৰু বোকাজান ক্ৰীড়া সন্হাৰ প্ৰেক্ষাগৃহ (Bokajan Sports Auditorium)ত আখৰা (Rehacel) চলি আছে ৷
আজি বকলীয়া আৰু ডিফু (Diphu)ত পাৰ্বত্য এলেকা উন্নয়ন আৰু খনি দপ্তৰৰ মন্ত্ৰী যোগেন মহনে (Minister Jogen Mohan) বিহুৰ আখৰা উপভোগ কৰে ৷ সকলোৱে জাতিৰ হৈ এই দায়িত্ব পালন কৰিবলৈ আগবঢ়া বুলি মন্ত্ৰী মহনে ৷ তেওঁ বকলীয়া আৰু ডিফুত বিহুনাম গান নাচনিসকলক নচুৱাই ৷ মন্ত্ৰীগৰাকীয়ে সকলোকে শুভেচ্ছা জনায় ৷
আজিৰ আখৰা চাই উপায়ুক্ত মধুমিতা ভাগৱতীয়ে কয় যে আমাৰ সকলোৰে তেজতে বিহু আছে ৷ সেয়ে প্ৰতিগৰাকী অসমীয়াই বিহু নাচিব পাৰে, বিহুনাম গাব পাৰে৷ সকলোৰে নাচ ভাল হোৱা বুলি কৈ তেওঁ দলটোক জাতীয় দায়িত্ব পালনৰ বাবে সাজু হোৱাত অভিনন্দন আৰু শুভেচ্ছা জনায় ৷
কাইলৈ বোকাজানত অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিনে বিহু উপভোগ কৰি দলটোক শুভেচ্ছা জনাব৷