![]()
কাৰবি আংলং (Karbi Anglong) জিলাৰ অসম-নাগালেণ্ড সীমান্তঞ্চলত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান (Drive against drugs) চলাই পুণৰ লাভ কৰিছে এক বৃহৎ সফলতা৷ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশল অৱলম্বন কৰি বহিঃৰাজ্যৰ পৰা মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ অপচেষ্টা অব্যাহত ৰাখিছে ৷

সৰবৰাহকাৰীৰ প্ৰতিটো অপচেষ্টা প্ৰতিহত কৰিবলৈ সীমান্ত পথত শেন দৃষ্টি ৰখা অসম আৰক্ষীয়ে আজি এক গোপন খবৰৰ ভিত্তিত খটখটী (Khatkhati) থানা এলেকাধীন লাহৰিজান আৰক্ষী (Lahrijan Police) পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত চি 20 চিআৰপিএফ আৰু চকী ষ্টাফৰ সহযোগত পুৰণা লাহৰিজানত এক নাকা তালাচী বহায় ৷
তালাচী কালত পুৱা প্ৰায় ৮ বজাত এম এন-০১-এজি ১৪৬৪ নম্বৰৰ পঞ্জীয়ন থকা টাটা নেক্সন (Tata Nexon) বাহন এখনত পুঙ্খানুপুংখভৱে পৰীক্ষা কৰি বাহনখনৰ পৰা মুঠ ৪৫টা চাবোনৰ বাকচত (45 soap boxes) লুকুৱাই অনা অৱস্থাত ৫৬৬ গ্ৰাম (566 grams) যন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ (Recovering heroin) কৰিবলৈ সক্ষম হয় ৷
হেৰইনখিনি সৰবৰাহকাৰীয়ে কৌশলগতভাবে বাহনখনৰ ইন্ধনৰ টেংকিৰ ওপৰত গোপন চেম্বাৰ নিৰ্মান সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ তৎপৰতাৰ বাবে সৰবৰাহকাৰীৰ অপচেষ্টা ব্যৰথ হয় ৷ এই সন্দৰ্ভত বানখনৰ চালক মণিপুৰৰ সেনাপতি জিলাৰ জিলটং মানলুনৰ পুত্ৰ পাওখানলাল মানলুন (২৭) আৰক্ষীয়ে আটক কৰে বুলি জানিব পৰা গৈছে ৷
অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীটোক জেৰা অব্যাহত ৰাখিছে ৷ উদ্ধাৰ হোৱা হেৰ’ইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয়৷ সন্দেহযুক্ত হেৰ’ইন খিনিৰ বজাৰমূল্য প্ৰায় তিনি কোটি টকা হ’ব বুলি জানিব পৰা গৈছে ৷












