![]()
যোৱা নিশা হাজো-নলবাৰী (Hajo-Nalbari) পথস্থিত মুগকুছি চ’কত (Mugkuchi Chowk) সংঘটিত এক পথ দুৰ্ঘটনাত (Road Accident) থিতাতে নিহয় এহাল দম্পতী। দৈৱক্ৰমে বাচি যায় যদিও গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় এটি ৬ বছৰীয়া শিশু।

জানিব পৰা মতে, নলবাৰী চহৰৰ পৰা গুৱাহাটী অভিমুখী AS 01EZ 4055 নম্বৰৰ বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই বালাকুছি চ’কৰ এডাল প্ৰকাণ্ড গছত খুন্দা মাৰে যাৰ ফলত সঞ্জয় শৰ্মা আৰু তেওঁৰ পত্নী মানসী শৰ্মাৰ থিতাতে মৃত্যু হয়।
নলবাৰীৰ বগলচৰোড চ’ক সমীপৰ অময়াপুৰ গাঁৱৰ নিবাসী সঞ্জয় শৰ্মাই পত্নী, শিশু পুত্ৰ সহিতে নিজৰ চাৰিচকীয়া বাহন খনেৰে নলবাৰীত ভাড়াতীয়া হিচাবে থকা শাহুয়েকৰৰ ঘৰত নিশা ভাত-পানী খাই নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়।
ইপিনে দুৰ্ঘটনাগ্ৰস্ত বাহনখনে গছত প্ৰচণ্ড খুন্দা মৰা বিকট শব্দ শুনিবলৈ পাই একাংশ স্থানীয় ৰাইজ ঘটনাস্থলীকৈ আহি দুৰ্ঘটনাতগ্ৰস্ত বাহন খনৰ তলা বন্ধ দৰ্জাখনক লোৰ চিপাঙেৰে ভাঙি গাড়ীৰ ভিতৰৰ পৰা থকা শিশুটোক উদ্ধাৰ কৰি তিনিজনকে চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে যদিও স্বামী-স্ত্ৰীৰ মৃত্যু হয়।













