আজি দিনযোৰা কাৰ্যসূচীৰে ডিফু-লামডিং পথস্থিত প্ৰজাপতি ব্ৰহ্মকুাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় (Prajapati Brahmakuri Divine University) ডিফু শাখাৰ (Diphu Branch) গৌৰৱোজ্জল ৰূপালী জয়ন্তী (Silver Jubilee) বৰ্ষ উদযাপন কৰা হয়৷ এই উপলক্ষে আজি শাখা কাৰ্যালয়টিত পতাকা উত্তোলনৰ পিছত ‘জীৱন দৰ্শন ভৱন’ৰ শুভউদ্ধোধন কৰে ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে (MLA Bidyasing Englang) ৷
তাৰ পিছত ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মুখপাত্ৰ তথা চেয়াৰপাৰচন ৰাজস্থানৰ ছাইন্টিষ্ট আৰু ইঞ্জিনিয়াৰিং উইংগছ মাউণ্ট আবুৰ বি কে মোহন সিংঘলৰ (B.K. Mohan Singhal) নেতৃত্বত শতাধিক ভক্তপ্ৰাণসকলে ডিফু চহৰৰ মাজেৰে এক বিশাল শোভাযাত্ৰা উলিয়াই ডিফু ক্লাৱত সমৱেত হয় ৷ ৰাজস্থানৰ মাউণ্ট আবু ঈশ্বৰীয় বিদ্যালয়ৰ মুখপাত্ৰ বিকে মোহন সিংঘলৰ পৰিচালনাত এখন মুকলি সভা অনুষ্ঠিত হয়৷
উক্ত গাম্ভীৰ্যপূৰ্ণ সভাত ঈশ্বৰীয় বিশ্ব বিদ্যালয় তিনিচুকীয়া শাখাৰ সঞ্চালিকা বিকে ৰজনী, ডিফুৰ সঞ্চালিকা বিকে শীলা আৰু বিকে জ্যেষ্ঠ ৰাজযোগী ৰাজ তিলকৰ লগতে প্ৰায় ৫ শতাধিক ভক্তপ্ৰাণ উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰি তোলে৷ মুখ্য অতিথি হিছাপে উপস্থিত থাকে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ ই এম ৰিতেশ ইংহি, সন্মানীয় অতিথি জিলা উপায়ুক্ত মধুমিতা ভাগৱতী (Madhumita Bhagwati, D.C.) আৰু প্ৰাক্তন সাংসদ অৰুন শৰ্মা উপস্থিত থাকে৷ সভাত ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ মুখপাত্ৰ বিকে সিংঘলে প্ৰজাপতি ব্ৰক্ষ্মকুমাৰীৰ ঈশ্বৰীয় বিদ্যালয়ৰ বৰ্তমান সময়ৰ প্ৰাসংগিকতাৰ কথা উল্লেখ কৰি ই এটি চিন্তা ৰহিত সুস্থ মনৰ অধিকাৰী হোৱাত সহায়ক হয় বুলি কয় ৷
পৰিৱেশ প্ৰদূষণৰ সমান্তৰালকৈ মনৰ প্ৰদূষণ ঈশ্বৰীয় বিদ্যালয়ৰ ধ্যান ধাৰনাৰ জৰিয়তে ৰোধ কৰিব পাৰি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ সিংঘলে লগতে গোলকীয় উঞ্চতাৰ বিষয়লৈও উদ্বিগ্নতা প্ৰকাশ কৰে ৷ ইয়াৰ পিছত কেক কাটি আৰু হাতে হাতে বন্তি প্ৰজলন কৰি গৌৰৱোজ্জল ৰূপালী জয়ন্তীবৰ্ষ উদযাপন কৰে ঈশ্বৰীয় বিশ্ববিদ্যালয় ডিফু শাখাই ৷