সপ্তাহটো বাগৰিল যদিও পঞ্জাবৰ (Punjab) স্বঘোষিত ধৰ্মগুৰু তথা খালিস্তান সমৰ্থক নেতা অমৃতপাল সিং (Amritpal Singh) এতিয়াও আৰক্ষীৰ চকুত ধূলি মাৰি ‘পলাতক’। আৰক্ষীয়ে তেওঁক বিচাৰি আছে। ইয়াৰ পিছতো অমৃতপালৰ কোনো সন্ধান পোৱা নাই। এই পৰিস্থিতিত এটা ভিডিঅ’পোহৰলৈ আহিছে। য’ত দেখা গৈছে চিচিটিভিৰ দৃষ্টিৰ পৰা হাত সাৰিবলৈ অমৃতপালে মূৰত ছাতি লৈ গৈ আছে। হাতত বেগ এটা লৈ চুবুৰী এটাৰ মাজেৰে খোজকাঢ়ি গৈ আছে।
আৰক্ষীয়ে খেদি ফুৰাৰ পিছৰে পৰা অমৃতপালক বিচাৰি পোৱা নাই। তেওঁ পঞ্জাবৰ পৰা হাৰিয়ানালৈ (Haryana) পলায়ন কৰে। তাতে এটা ঘৰত নিশা আশ্ৰয় লৈছিল। তাৰ পিছত আকৌ পলায়ন। আৰক্ষীয়ে ২০ মাৰ্চৰ ভিডিঅ’ ফুটেজ প্ৰকাশ কৰে। হাৰিয়ানাৰ কুৰুক্ষেত্ৰৰ চিচিটিভি। য’ত ১৯ মাৰ্চত নিশাটো আছিল পলাতক অমৃতপাল।
ইফালে অমৃতপালে নিশাটো থকা ঘৰটোৰ মালিক বলজিৎ কৌৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, বলজিতে (Baljeet) কয় যে অমৃতপাল আন এজন সহযোগীক লৈ তেওঁৰ ঘৰলৈ আহিছিল। ২০ মাৰ্চৰ পুৱা ঘৰৰ পৰা ওলাই আহোঁতে ছাতিটো ব্যৱহাৰ কৰা বুলি অনুমান কৰা হৈছে। আৰক্ষীৰ মতে, ‘ধুৰন্ধৰ’ অমৃতপালে অনুমান কৰিছিল যে অঞ্চলটোত চিচিটিভি স্থাপন কৰিব পাৰে।
সেয়ে ছাতি এটাৰে মুখখন ঢাকি লৈছিল। ভিডিঅʼটোৰ সেই অংশত এজন ওখ মানুহক পাতল নীলা ৰঙৰ চাৰ্ট আৰু নেভি ব্লু ট্ৰাউজাৰ পিন্ধা দেখা গৈছে। বাওঁহাতত বেগ এটা লৈ মূৰত ছাতি লৈ আগবাঢ়িছে। তেওঁৰ অলপ আগত আন এজন মানুহ দেখা যায়। তেওঁৰ মূৰটোও কাপোৰেৰে ঢাকি থোৱা আছে। তেওঁ অমৃতপালৰ সংগী নেকি? সেই কথা এতিয়াও স্পষ্ট কৰা নাই আৰক্ষীয়ে।
অমৃতপালৰ সন্ধান নাপালেও, তেওঁৰ দেহৰক্ষী তেজেন্দ্ৰ সিং (Tejendra Singh) ওৰফে গোৰ্খা বাবাক (Gorkha Baba) আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে দাবী কৰিছে গোৰ্খা অমৃতপালৰ ‘সোঁহাত’। পঞ্জাবৰ আজনলা থানাত আক্ৰমণৰ অভিযোগ তেওঁৰ বিৰুদ্ধে।