ইভিএমৰ (EVM) লগত হেতালি খেলা সম্ভৱ বুলি বিৰোধীয়ে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে। এইবাৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এই সন্দৰ্ভত লিখিত ব্যাখ্যাৰ দাবী জনাইছে। বিজেপিৰ মতে, পৰাজয়ৰ ভয়ৰ বাবেই এই কাৰ্যকলাপ।
লোকসভা নিৰ্বাচনৰ পূৰ্বে ইভিএম বিষয়ক লৈ সন্দেহ দূৰ কৰিবলৈ এনচিপি নেতা শৰদ পাৱাৰে (Sharad Pawar) বৃহস্পতিবাৰে নিজৰ বাসগৃহত বিৰোধী দলৰ বৈঠক আহ্বান কৰে। বৈঠকৰ শেষত কংগ্ৰেছৰ প্ৰাক্তন নেতা কপিল ছিবালে (Kapil Sibal) কয়, “পৃথিৱীত এনে কোনো যন্ত্ৰ নাই যাৰ লগত হেতালি খেলা সম্ভৱ নহয়। গতিকে ইভিএম সম্পৰ্কীয় সন্দেহৰ লিখিত উত্তৰ নিৰ্বাচন আয়োগৰ পৰা বিচাৰিম।”
বৈঠকত উপস্থিত থকা চিপিএম নেতা নিলোৎপল বসুৱে (Nilotpal Basu) ইয়াৰ পিছত কিয় সন্দেহৰ সৃষ্টি হৈছে বুলি কয়, “প্ৰথমে কোৱা হৈছিল যে ইভিএম কেনেকৈ কাম কৰিব, ইয়াক এবাৰেই ঠিক কৰিব পাৰি (প্ৰগ্ৰেমিং)। কিন্তু পিছত আয়োগে কয় যে ইয়াক একাধিকবাৰ কৰিব পাৰি। ফলত প্ৰশ্ন উত্থাপন হʼল।”
ইভিএম গণনাৰ সৈতে মিলাবলৈ শেহতীয়াকৈ ইয়াৰ সৈতে কাগজৰ শ্লিপ আউট ভিভিপেটৰ ব্যৱহাৰ আৰম্ভ হৈছে। কিন্তু সেই সন্দৰ্ভতো বিৰোধীৰ প্ৰশ্ন আছে।
কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে (Digvijaya Singh) কয়, “প্ৰথমে কোৱা হৈছিল যে ইভিএম এটা স্বতন্ত্ৰ মেচিন। ভিভিপেটৰ সংযোজনৰ লগে লগে ই এতিয়া স্বতন্ত্ৰ মেচিন নহয়। ফলত ভিভিপেটৰ জৰিয়তে মূল ইভিএমৰ লগত হেতালি খেলিব পৰাৰ আশংকা কৰা হৈছে। ইয়াৰ উপৰি কোৱা হয় যে ইণ্টাৰনেটৰ জৰিয়তে মেচিনত প্ৰাৰ্থীৰ নাম আৰু চিম্বল প্ৰৱেশ কৰা হয়।”
সেয়েহে আয়োগৰ পৰা লিখিত ব্যাখ্যা বিচৰা হৈছে। এই প্ৰসংগত বিজেপিৰ ৰাজ্যসভাৰ সাংসদ অনিল ডাল্লীয়ে কয়, “বিৰোধীয়ে পৰাজয় নিশ্চিত বুলি জানিয়েই অজুহাত দেখুৱাবলৈ আৰম্ভ কৰিছে। যদি তেওঁলোকে জয়ী হয় তেন্তে ইভিএমত কোনো সমস্যা নাই। হাৰিলেই ইভিএমৰ দোষ!”