খালিস্তানী নেতা অমৃতপাল সিং (Amritpal Singh) এতিয়াও পলাতক। পঞ্জাব আৰক্ষীয়ে (Punjab Police) তেওঁৰ সন্ধানত আছে। পঞ্জাব আৰক্ষীয়ে ইতিমধ্যে অমৃতপালৰ বিৰুদ্ধে লুকাউট নোটিচ (Lookout Notice) আৰু নন-বেইলেবল ৱাৰেণ্ট (Non-Bailable Warrant) জাৰি কৰিছে। লগতে বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সহায় লৈ খালিস্তানী নেতাজনৰ সন্ধান উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।
কিন্তু অমৃতপাল কʼত উধাও হʼল?
এতিয়া সেইটোৱেই হৈছে আটাইতকৈ ডাঙৰ প্ৰশ্ন। কেৱল সেয়াই নহয়, খালিস্তানী নেতাজনক বিচাৰি উলিওৱাটোও পঞ্জাব আৰক্ষীৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰিছে। বিশেষকৈ মঙলবাৰে পঞ্জাব আৰু হাৰিয়ানাৰ আদালতে ৰাজ্যৰ আৰক্ষীক এই প্ৰশ্ন উত্থাপন কৰি ভাবুকি দিছিল, ৮০ হাজাৰ আৰক্ষী উপস্থিত থকাৰ পিছতো আৰক্ষীৰ চকুত ধূলি মাৰি কেনেকৈ পলায়ন কৰিলে খালিস্তানী নেতাজনে?
শেহতীয়াকৈ ভাইৰেল হোৱা অমৃতপালৰ পলায়নৰ ভিডিঅʼই পঞ্জাব আৰক্ষীক অধিক কঠোৰভাৱে প্ৰত্যাহ্বান জনাইছে। সেই ভিডিঅʼটোত তেওঁক বাইকত উঠি পলায়ন কৰা দেখা গৈছিল। ফলত পঞ্জাব আৰক্ষীৰ ওপৰত অধিক হেঁচা স্বাভাৱিকতে বৃদ্ধি পাইছে।
যিকোনো প্ৰকাৰে অমৃতপালক বিচাৰি উলিয়াবলৈ তৎপৰ হৈ পৰিছে পঞ্জাব আৰক্ষী। ৰাজ্যিক আৰক্ষীৰ আই জি চুখচেইন সিং গিলে (Sukhchain Singh Gill) কয় যে অমৃতপালক এতিয়াও গ্ৰেপ্তাৰ কৰা হোৱা নাই।
তেওঁ কয়, “খালিস্তানী নেতাজনক গ্ৰেপ্তাৰ কৰিবলৈ আমি সকলো প্ৰকাৰে চেষ্টা কৰিছো। আমি আশা কৰিছো অতি সোনকালে অমৃতপালক গ্ৰেপ্তাৰ কৰিম। অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহেও সহযোগিতা আগবঢ়াইছে। অমৃতপালৰ বিৰুদ্ধে লুকাউট নোটিচ আৰু জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে।”
পঞ্জাব আৰক্ষীৰ মতে, অমৃতপালে নিজকে বচাবলৈ ৰূপ সলনি কৰিব পাৰে। সেয়ে মঙলবাৰে নিশা আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত খলিস্তানী নেতাজনৰ ছবি বিয়পাই দিয়ে। আইজিপিয়ে কয়, “অমৃতপালৰ ছবি আছে বিভিন্ন সাজ-পোছাকত। সেই ছবি বিভিন্ন স্থানত প্ৰচাৰ কৰা হৈছে যাতে সাধাৰণ মানুহে অমৃতপালক দেখাৰ লগে লগে আৰক্ষীক ফোন কৰিব পাৰে।”
ৰাজ্যৰ আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই সংবাদ সংস্থা এএনআইক জনোৱা মতে, প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে অমৃতপাল পলায়ন কৰাৰ আগতে নংগল আম্বিয়ানৰ এটা গুৰুদ্বাৰত সোমাইছিল। তাত কাপোৰ সলনি কৰে। ইয়াৰ পিছত মটৰবাইকত উঠি পলাই যায়।