এন কে প্ৰডাকচন (NK production) বেনাৰত মুক্তি পাবলৈ সাজু হৈছে এখন নতুন ছবি “দ্যা শ্লেম বুক” (The Slam Book)। ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত কেইবাবছৰ ধৰি মুক্তিৰ পৰা বিৰত থকা ছবিখনে অহা ৫ মে’, ২০২৩ তাৰিখে ৰাজ্যৰ ছবিগৃহ সমূহত মুক্তি লাভ কৰিব। ইতিমধ্যে ছবিখনৰ প্ৰতিটো গীতৰ অডিঅ’ সংস্কৰণ মুকলি কৰি দিয়া হৈছে। নৱপ্ৰজন্মৰ পৰিচালক প্ৰাঞ্জল গৈয়াৰীৰ (Pranjal Gayari) কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনত বহু নতুন মুখ দেখিবলৈ পোৱা যাব।

উক্ত আহিবলগীয়া ছবিখনৰ চিত্ৰনাট্য-সংলাপ ৰচনা বিষ্ণুজ্যোতি সন্দিকৈৰ। আনহাতে, ইয়াত সংগীত পৰিচালনা কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। দৃশ্যগ্ৰহণ জ্ঞান গৌতমৰ আৰু ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ। দীপক দে’ আৰু উদয় শংকৰে কৰিঅ’গ্ৰাফী কৰিছে ছবিখনত আৰু ৰূপসজ্জা কৰিছে কামছীয়ে। ছবিখনত অভিনয় কৰিছে ক্ৰমে নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, শ্ৰেষ্ঠা চৌধুৰী, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইয়ে। ছবিখনৰ প্ৰচাৰ পৰিকল্পনাৰ দায়িত্বত আছে হেমন্ত শৰ্মা।
প্ৰেম আৰু বন্ধুত্বৰ কাহিনীৰে নিৰ্মিত এই ছবিখনৰ বাবে অপেক্ষাৰত অসমবাসী ৰাইজ।