ASSAM TIMES POST
গুৱাহাটী : অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ পথ আৰু অট্টালিকা শাখাৰ দ্বাৰা অনুষ্ঠিত দুদিনীয়া আলোচনা চক্ৰ আৰু প্ৰদৰ্শনীৰ আজি অন্ত পৰে৷চান্দমাৰী অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰত অনু্ষ্ঠিত এই দুদিনীয়া কাৰ্যসূচীত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰিকৰী খণ্ডৰ লগত জড়িত ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷১২৫খন বিপনীয়ে অংশ লোৱা এই প্ৰদৰ্শনীত আধুনিক প্ৰযুক্তি তথা নিৰ্মাণৰ লগত জড়িত দেশী বিদেশী প্ৰতিষ্ঠানে অংশ লয় ৷
বিভাগটোৰ লগত জড়িত বিভিন্ন বিভাগৰ অভিযন্তাসকলে নিমাৰ্ণ উদ্যোগৰ লগত জড়িত বিষয়ববীয়াৰ লগত মত বিনিময় কৰে৷প্ৰতিখন আলোচনা চক্ৰই বিভাগটোৰ অভিযন্তাসকলক যথেষ্ট উপকৃত কৰা বুলি উল্লেখ কৰা সামৰণি অনুষ্ঠানত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিয়ে৷সামৰণি অনুষ্ঠানটোৰ আঁত ধৰে বিভাগটোৰ অট্টালিকা
শাখাৰ কাৰ্যবাহী অভিযন্তা চালেহ আহমেদ চৌধুৰীয়ে ৷অনুষ্ঠানটোত উপস্থিত থাকে বিভাগটোৰ অট্টালিকা শাখাৰ মুখ্য অভিযন্তা জ্যোতিষ শৰ্মা,অট্টালিকা শাখাৰ মুখ্য অভিযন্তা শ্যামন্ত বেজবৰুৱা ৰাজ চক্ৰৱৰ্তী আৰু অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ আয়ুক্তৰ অ এচ ডি পৱন তেৰাং ৷ অনুষ্ঠানটোত মুখ্য অতিথি হিচাবে উপস্থিত থাকে প্ৰসিদ্ধ শিক্ষাবিদ তথা শিক্ষামন্ত্ৰীৰ উপদেষ্টা প্ৰফেছৰ ডক্টৰ মিহিৰ কুমাৰ চৌধুৰী ৷সন্মানীয় অতিথি হিচাবে উপস্থিত থাকে অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজেশ কেম্প্ৰাই৷