আজি ডিফু চিকিৎসা মহাবিদ্যালয়ত (Diphu Medical College) এগৰাকী অচিনাক্ত লোকৰ মৃতদেহ (Body of unidentified person) উদ্ধাৰ হয় ৷ প্ৰাপ্ত খবৰ অনুসৰি আৰু ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ পঞ্জীয়ন ৰেকৰ্ড মতে যোৱা ৪ মাৰ্চত হোজাই জিলাৰ লংকাৰ পৰা আৰক্ষীৰ লোকে বিদ্যুত দত্ত (Bidyut Dutta) নামৰ লোক এজনক চিকিৎসাৰ বাবে চিকিৎসালয়খনত ভৰ্তি কৰায় ৷ লোকজনৰ কালি চিকিৎসাধীন অৱস্থাতে মৃত্যু (Death) হয় যদিও লোকজনৰ মৃতদেহ কোনো লোকে নিজৰ বুলি দাবী কৰা নাই৷ সেয়ে মৃতদেহটোৰ পৰিচয় ওলাবলৈ ডিএমচিএইছৰ কৰ্তৃপক্ষই ডিফু আৰক্ষীক মৃতদেহ চমজাই দিয়ে ৷
লোকজনৰ মৃতদেহটো কাৰ্যবাহী দণ্ডাধীশৰ হতুৱাই চুৰৎহাল কৰাৰ লগতে পষ্টমৰ্টেন সম্পন্ন কৰাৰ পিছত চিনাক্তকৰণৰ বাবে ৭২ ঘন্টা সংৰক্ষণৰ বাবে ডি এম চি এইচ ডিফু মৰ্গত ৰখা হৈছে ৷ এই সন্দৰ্ভত ডিফু থানাত ১৫৯ ডিটিডিত ০৬/০৩/২৩ নম্বৰত দৈনিক দৰজ পঞ্জীত সন্নিৱিষ্ট কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷