ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Contests
    • Recipe Contest – Ended
    • Singing Contest – Ended
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

মোদী-শ্বাহৰ উপস্থিতিত উত্তৰ-পূবৰ দুই মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ

নিউজ ডেস্কঃ

News Desk by News Desk
March 7, 2023
Reading Time: 1 min read
A A
0
মোদী-শ্বাহৰ উপস্থিতিত উত্তৰ-পূবৰ দুই মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ

logo new 2 1 1 4 1 3 1 1 | ASSAM TIMES POST

RELATED POSTS

N Biren Singh | হিংসা ৰোধৰ বাবে সক্ৰিয় নহয় মণিপুৰৰ মুখ্যমন্ত্ৰী, তীব্ৰ সমালোচনা

মণিপুৰৰ ডিজিপি সলনি

Ethnic violence in Manipur I অগ্নিগৰ্ভা মণিপুৰত অস্ত্ৰ চুৰি, উগ্ৰপন্থীৰ হাতত ৪ হাজাৰ অস্ত্ৰৰ আশংকা চোৰাংচোৱাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)ৰ উপস্থিতিত মঙলবাৰৰ পৰা আৰম্ভ হʼল উত্তৰ-পূব ভাৰতৰ (North-East India) দুখন ৰাজ্যৰ বিজেপি সমৰ্থিত চৰকাৰৰ যাত্ৰা। নেচনেল পিপ’লছ পাৰ্টিৰ মুৰব্বী কনৰাড চাংমাই (Conrad Sangma) মেঘালয়ত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী (Chief Minister) হিচাপে শপত গ্ৰহণ কৰে। আনহাতে, নাগালেণ্ড (Nagaland)ত পঞ্চমবাৰৰ বাবে নেচনেলিষ্ট ডেমোক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টিৰ সভাপতি নেফিউ ৰিঅʼই (Neiphiu Rio) মুখ্যমন্ত্ৰীৰ আসন গ্ৰহণ কৰে। শপত গ্ৰহণ (Swearing-in) অনুষ্ঠানত মোদীৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah) আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাও উপস্থিত থাকে। লগতে থাকে অসমৰ মুখ্যমন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী।

মেঘালয়ত এনপিপিৰ মুৰব্বী কনৰাডে ১১ জন মন্ত্ৰীৰ সৈতে ৰাজ্যপাল ফাগু চৌহানৰ আগত শপত গ্ৰহণ কৰে। ইয়াৰ ভিতৰত এন পি পিৰ ৯ জন, ইউনাইটেড ডেমোক্ৰেটিক পাৰ্টিৰ ২ জন, বিজেপি আৰু এইচ এছ পি ডি পিৰ ১ জনকৈ মন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো দলে পৃথকে পৃথকে যুঁজ দিছিল যদিও ত্ৰিশংকু বিধানসভাত নিৰ্বাচনৰ পিছত চাৰিটা দলে মিত্ৰজোঁট গঠন কৰি ক্ষমতা দখল কৰিছিল। উল্লেখ্য, মেঘালয়ে ৪ দশক ধৰি ত্ৰিশংকু পৰম্পৰা বজাই ৰাখিছে।

modi1 | ASSAM TIMES POST

মেঘালয় বিধানসভাৰ ৬০খন আসনৰ ভিতৰত ৫৯খন আসনত ভোটগ্ৰহণ অনুষ্ঠিত হয়। কিন্তু কোনো দলেই প্ৰয়োজনীয় সংখ্যক সংখ্যাগৰিষ্ঠতা নাপালে। এন পি পি ২৬, ইউ ডি পি ১১, কংগ্ৰেছ আৰু তৃণমূল ৫ খনকৈ, ভইচ অৱ দ্য পিপল পাৰ্টিৰ ৪ খন আসন। বিজেপি, এইচ এছ পি ডি পি, পিডিএফ আৰু নিৰ্দলীয়ই ২ খনকৈ আসন লাভ কৰে। ইতিহাসে কয় যে শেষবাৰৰ বাবে ১৯৭৮ চনৰ বিধানসভা নিৰ্বাচনত মেঘালয়ত ‘অল পাৰ্টি হিল লিডাৰছ’ সন্মিলনে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল।

আনহাতে, নাগালেণ্ডত বিজেপিৰ সৈতে মিত্ৰতা কৰি ৰিঅʼৰ এনডিপিপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। মঙলবাৰে ৰিঅʼৰ সৈতে তেওঁৰ দলৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে ৰাজ্যপাল লা গণেশৰ ওচৰত শপত গ্ৰহণ কৰে। বিজেপিৰ ৱাই পেটনে উপ-মুখ্যমন্ত্ৰীৰ পদ লাভ কৰে। ৰিঅʼৰ মন্ত্ৰীসভাত মুঠ ৯ জন লোক আছে, যʼত আছে ৰাজ্যিক বিজেপিৰ সভাপতি টেমজেন ইমনা আলং আৰু এনডিপিপিৰ নেত্ৰী তথা নাগালেণ্ডৰ প্ৰথম দুগৰাকী মহিলা বিধায়কৰ ভিতৰত এগৰাকী ছালহাউটুনাউ ক্ৰুজ। কিন্তু এনডিপিৰ জনপ্ৰিয় নেত্ৰী তথা ৰাজ্যৰ আন এগৰাকী মহিলা বিধায়িকা হেকানী জখলুৰক মন্ত্ৰীসভাত স্থান দিয়া নহʼল।

এইবাৰ নাগালেণ্ডৰ ৬০খন বিধানসভাৰ আসনৰ ভিতৰত এনডিপিপিয়ে ২৫খন আৰু বিজেপিয়ে ১২খন আসন লাভ কৰে। এন চি পিয়ে ৭ খন, এন পি পি ৫ খন, এন পি এফ (নগা পিপলছ ফ্ৰণ্ট), আৰ পি আই আৰু লোকজন শক্তি পাৰ্টিয়ে (ৰামবিলাছ) ২ খনকৈ আসন লাভ কৰে। জেডি (ইউ) ১ খন আৰু নিৰ্দলীয় দলে ৪ খন আসন লাভ কৰে।

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: Swearing-inশপত গ্ৰহণ
Share4Tweet3Send

Related Posts

N Biren Singh |  হিংসা ৰোধৰ বাবে সক্ৰিয় নহয় মণিপুৰৰ মুখ্যমন্ত্ৰী, তীব্ৰ সমালোচনা
NORTHEAST

N Biren Singh | হিংসা ৰোধৰ বাবে সক্ৰিয় নহয় মণিপুৰৰ মুখ্যমন্ত্ৰী, তীব্ৰ সমালোচনা

by Staff Reporter
June 2, 2023
50
মণিপুৰৰ ডিজিপি সলনি
NORTHEAST

মণিপুৰৰ ডিজিপি সলনি

by News Desk
June 1, 2023
51
Ethnic violence in Manipur I অগ্নিগৰ্ভা মণিপুৰত অস্ত্ৰ চুৰি, উগ্ৰপন্থীৰ হাতত ৪ হাজাৰ অস্ত্ৰৰ আশংকা চোৰাংচোৱাৰ
NORTHEAST

Ethnic violence in Manipur I অগ্নিগৰ্ভা মণিপুৰত অস্ত্ৰ চুৰি, উগ্ৰপন্থীৰ হাতত ৪ হাজাৰ অস্ত্ৰৰ আশংকা চোৰাংচোৱাৰ

by News Desk
May 31, 2023
51
Clashes in Manipur I মণিপুৰ সংঘৰ্ষত নিহতৰ পৰিয়ালক ১০ লাখকৈ ক্ষতিপূৰণৰ ঘোষণা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ
NORTHEAST

Clashes in Manipur I মণিপুৰ সংঘৰ্ষত নিহতৰ পৰিয়ালক ১০ লাখকৈ ক্ষতিপূৰণৰ ঘোষণা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ

by News Desk
May 30, 2023
51
Amit Shah Lands in Manipur | অশান্ত মণিপুৰত বৈঠক, পৰিস্থিতি শান্ত কৰাৰ লক্ষ্য গৃহমন্ত্ৰীৰ
NORTHEAST

Amit Shah Lands in Manipur | অশান্ত মণিপুৰত বৈঠক, পৰিস্থিতি শান্ত কৰাৰ লক্ষ্য গৃহমন্ত্ৰীৰ

by Staff Reporter
May 30, 2023
50
AGAIN MANIPUR IS BURNING I অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে পুনৰ উত্তপ্ত মণিপুৰ, সংঘৰ্ষত নিহত আৰক্ষী জোৱানসহ ৫
NORTHEAST

AGAIN MANIPUR IS BURNING I অমিত শ্বাহৰ ভ্ৰমণৰ পূৰ্বে পুনৰ উত্তপ্ত মণিপুৰ, সংঘৰ্ষত নিহত আৰক্ষী জোৱানসহ ৫

by ASSAM TIMES POST
May 29, 2023
55
ADVERTISEMENT
লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা
KARBI ANGLONG

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
51
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি
Assam

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
51
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত
Entertainment

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023
51
২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী
National-International

২ বছৰ পূৰ্বেই প্ৰধানমন্ত্ৰীক কুস্তি ফেডাৰেচনৰ সভাপতিৰ বিৰুদ্ধে অভিযোগ দিছিল! এফআইআৰত মল্লযুঁজাৰুৰ দাবী

June 3, 2023
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

লুম্বাজং চেডেং তেৰাঙ গাঁৱত মিলেট সম্পৰ্কীয় সজাগতা সভা

June 3, 2023
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদান ৭.৩০ বজাৰ পৰা, শিক্ষা বিভাগৰ নিৰ্দেশনা জাৰি

June 3, 2023
শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

শ্বাহৰুখ আৰু ছলমান পুনৰ লগ হ’ব একেটা ফ্ৰেমত

June 3, 2023

Categories

ALL NEWS (17229) Assam (12543) BREAKING NEWS (6433) Business (28) Economy (67) Editorial (11) EDUCATION AND TECHNOLOGY (61) Entertainment (680) Entertrainment (324) EXCLUSIVE (124) Fashion (8) Featured (19) Features (30) Guwahati (1871) Health & Fitness (612) Jobs & Career (5) KARBI ANGLONG (2552) Lifestyle (23) literature (16) National-International (5622) NORTHEAST (508) Novels (3) Photo (4) Poems (9) Political (104) Recipes (6) Sports News (382) Stories (8) Tech (11) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: