সোমবাৰে পুৱাৰে পৰা চিবিআই (CBI)ৰ বিষয়াই লালু প্ৰসাদ যাদৱ (Lalu Prasad Yadav)ৰ পত্নী তথা বিহাৰ (Bihar)ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীৰ (Former Chief Minister Rabri Devi) ঘৰত অভিযান (Drive at home) চলায়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ সূত্ৰ অনুসৰি, ভূমি বিক্ৰী আৰু চাকৰিৰ দুৰ্নীতিৰ ক্ষেত্ৰত এইগৰাকী আৰজেডি নেতাক জেৰা কৰা হʼব।

যাৰ বাবে পাটনাৰ ৰাবৰিৰ ঘৰৰ সন্মুখত বহু আৰক্ষী মোতায়েন কৰা হয়। উল্লেখ্য, ৰাবৰিৰ পুত্ৰ তথা আৰজেডি নেতা তেজস্বী যাদৱ বৰ্তমান বিহাৰৰ উপ-মুখ্যমন্ত্ৰী। শেহতীয়াকৈ ৯জন বিৰোধী নেতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ লিখি বিৰোধীক হাৰাশাস্তি কৰিবলৈ চিবিআই, ইডিৰ দৰে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা ব্যৱহাৰ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। তাৰ ভিতৰত আছিল তেজস্বী।
উল্লেখ্য, এই পত্ৰ প্ৰেৰণ কৰাৰ পিছতে চিবিআয়ে তেজস্বীৰ মাতৃ ৰাবৰিৰ ঘৰত অভিযান চলায়।২০০৪ চনৰ পৰা ২০০৯ চনলৈ যেতিয়া লালু প্ৰথম ইউ পি এ চৰকাৰত ৰে’ল মন্ত্ৰী আছিল, তেতিয়া বহু বিহাৰৰ যুৱকক ভূমিৰ বিনিময়ত ৰে’লৱেত গ্ৰুপ ডি পদত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাত অভিযোগৰ আঙুলি মূলতঃ লালুৰ পত্নী তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱী আৰু তেওঁলোকৰ দুই কন্যা মিছা আৰু হেমাৰ বিৰুদ্ধে উঠিছে।
বিগত বৰ্ষৰ ২০ মেʼত চিবিআয়ে এই ঘটনাৰ তদন্তৰ বাবে দিল্লী, পাটনাসহ দেশৰ মুঠ ১৫টা স্থানত তালাচী অভিযান চলাই। ইয়াৰ পিছত আগষ্ট মাহত কেইবাজনো আৰজেডি নেতাৰ ঘৰত অভিযান চলায়।
ফেব্ৰুৱাৰী মাহত দিল্লীৰ ৰাউজ এভিনিউ আদালতে ‘মাটিৰ বিনিময়ত চাকৰি’ গোচৰত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ, তেওঁৰ পত্নী আৰু বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰি দেৱীকে ধৰি ১৬জন অভিযুক্তৰ বিৰুদ্ধে চমন জাৰি কৰিছে। চিবিআয়ে দাখিল কৰা অভিযোগনামাৰ ভিত্তিত ১৫ মাৰ্চৰ ভিতৰত লালুৰ জবাব তলব কৰা হৈছে।