ASSAM TIMES POST
গুৱাহাটীঃ মোগলৰ বিৰুদ্ধে শৰাইঘাটৰ ৰণত আহোম সৈন্যক নেতৃত্ব প্ৰদান কৰি দেশপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি থৈ যোৱা প্ৰাতঃস্মৰণীয় বীৰ যোদ্ধা লাচিত বৰফুকনৰ জন্ম দিন লাচিত দিৱস উপলক্ষে দেওবাৰে তেওঁৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটীৰ ফাঁচীবজাৰত ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ পাৰতে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই কাৰ্যসূচীত ৰাজ্যৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে উপস্থিত থাকে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে জালুকবাৰীৰ লাচিত উদ্যানত উপস্থিত হৈ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পন কৰে। বেচৰকাৰী সংগঠন ‘ৰেইজড’ৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰীৰ লগতে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ূষ হাজৰিকা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰনাথ শৰ্মাই ভাগ লয়। লাচিত দিৱসৰ সৈতে সংগতি ৰাখি ইয়াতে এনজিঅ’টোৱে আয়োজন কৰা ৰক্তদান শিৱিৰ প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে চমু অনুষ্ঠানত ভাষণ প্ৰদান কৰে।