
পশ্চিম কাৰ্বি আংলং (West Karbi Anglong) জিলাৰ বিথুং ৰেংথামা (Bithung Rengthama) পৰিষদীয় সমষ্টিত আজি উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা (Pijush Hazarika)। মন্ত্ৰীগৰাকীয়ে ৩৬ কোটি টকা ব্যয়ৰে কপিলী নদীৰ (Kapili River) পাৰত নিৰ্মাণ হ’ব লগীয়া ৪টা মথাউৰিৰ (Mathauri) আদাৰশিলা স্থাপন কৰে। ইয়াৰ পিছতে এখন ৰাজহুৱা সভাত অংশ লয় মন্ত্ৰীগৰাকীয়ে ।

উল্লেখযোগ্য যে,প্ৰতি বছৰে বাৰিষাত কপিলী নৈৰ বাঢ়নী পানীয়ে নৈ কাষৰীয়া এই বিথুং ৰেংথামা পৰিষদীয় সমষ্টিৰ বহু অঞ্চলৰ ৰাইজক জলা-কলা খোৱাই আহিছে।যোৱাটো বৰ্ষত প্ৰায় ৬০ কোটি টকা ব্যয় সাপেক্ষে মথাউৰি নিৰ্মাণ কৰা হৈছিল যদিও কপিলীৰ বাঢ়নী পানীৰ প্ৰবাল সোঁতে বহু ক্ষতি সাধন কৰিলে।
সেয়ে এই বছৰো পূনৰ ৩৬ কোটি টকাৰ ব্যয়ৰে চাৰিটাকৈ মথাউৰি নিৰ্মাণ কাৰ্য্য হাতত লৈছে অসম চৰকাৰে । “SOPD-OSD ” আচনিৰ অধিনত নিৰ্মাণ হ’ব লগা মথাউৰি কেইটাই আগন্তুক বাৰিষাৰ বানৰ পৰা অঞ্চলটোৰ ৰাইজক ৰক্ষা কৰিবলৈ হ’ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অবগত কৰে।

এই আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত আছে সাংসদ হৰেণছিং বেʼ, বিদ্যাছিং ইংলেং, কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, উপায়ুক্ত কৃষ্ণা বৰুৱা প্ৰমুখ্যে পৰিষদৰ বহু কেইগৰাকী কাৰ্যবাহী সদস্য উপস্থিত আছে ।












