![]()
ৰাজধানীৰ ৰাজপথত পুনৰ যৌন নিৰ্যাতন (Sexual harassment)। অভিযোগ অনুসৰি, চাৰিজন লোকে এগৰাকী মহিলাক শাৰীৰিক নিৰ্যাতন চলাইছে। এই ঘটনাত এজন অটোচালকসহ ৪জন লোকৰ বিৰুদ্ধে দিল্লী (Delhi Police) আৰক্ষীত এজাহাৰ দাখিল কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এই ঘটনা সংঘটিত হৈছিল ২৫ ফেব্ৰুৱাৰীত দিল্লীৰ কালিন্দি কুঞ্জ অঞ্চলত। এগৰাকী মহিলাই নিজৰ কন্যাৰ চিকিৎসাৰ বিষয়ে আলোচনা কৰিবলৈ দক্ষিণ-পূব দিল্লীত এজন লোকক লগ কৰিবলৈ গৈছিল। তেওঁৰ লগত স্বামীও আছিল। অটোত উঠাৰ পাছত অটোচালকজনে হঠাতে মহিলাগৰাকীক অচেতন কৰি মহিলাগৰাকীক লৈ পলাই যায়।
ইয়াৰ পিছতে ৰাজধানীৰ পথত অটোচালক (Auto Driver)সহ আন ৩ জন লোকে মহিলাগৰাকীক ধৰ্ষণ (Rape) কৰা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীৰ জন্মস্থান ম্যানমাৰত (Myanmar)। তেওঁ ভাৰতৰ পঞ্জীয়নভুক্ত শৰণাৰ্থীৰ মৰ্যাদাত আছে।
এই পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে অভিযোগ পোৱাৰ লগে লগে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে। আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰা নাই অভিযুক্তক। অৱশ্যে শীঘ্ৰে অভিযুক্তক বিচাৰি উলিয়াব বুলি আৰক্ষী বিষয়াসকলে আশ্বাস দিছে।










