এক গোপন খবৰৰ ভিত্তিত কাৰবি আংলং (Karbi Anglong) জিলাৰ জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া (Sanjeev Kumar Saikia), অতিৰিক্ত আৰক্ষী অধীক্ষক কংকনজ্যোতি নাথৰ নেতৃত্বত আৰু খটখটী থানাৰ (Khatkhati Police Station) ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ সহযোগত আজি সন্ধিয়া অসম-নাগালেণ্ড সীমান্তৰ খটখটীত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দ (Drugs seized) কৰিবলৈ সক্ষম হয় ৷
অসম আৰক্ষীৰ ডগ স্কোৱাডৰ (Dog Squad) প্ৰশিক্ষক দ্বিগেন নাথৰ তত্বাৱধানত থকা গুৱাহাটীৰ পৰা অনা ‘ডেনী’ নামৰ স্নিফাৰ ডগৰ সহায়ত এই বৃহৎ পৰিমানৰ ড্ৰাগছখিনি জব্দ কৰাৰ কথা আৰক্ষীৰ সূত্ৰে প্ৰকাশ ৷
তথ্য অনুসৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এন এল ০১ এ ডি ৮৭২১ নম্বৰৰ ট্ৰাকখন ড্ৰাগছ বিৰোধী অভিযানৰ আৰক্ষীৰ দলটোৱে খটখটীৰ নিয়মীয়া নাকাত ৰখাই স্নিফাৰ ডগৰ জৰিয়তে তালাচী চলাই ট্ৰাকখনৰ কেবিনৰ এক গোপন চেম্বাৰৰ পৰা লুকুৱাই অনা অৱস্থাত ৪ কেজি ১০৯ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ২ টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা ক্ৰমে, মণিপুৰ থৌবাল জিলাক লিলং আৰক্ষী থানাৰ অন্তৰ্গত উছৈপ কপি গাঁৱৰ মহম্মদ চামাদৰ পুত্ৰ মহম্মদ ইকবাল(২৬) আৰু আনটো হৈছে একে ঠাইৰে লিলং ইফাম গাঁৱৰ মহম্মদ আব্দুল গামিৰ পুত্ৰ মহম্মদ চৈয়ব আখতাৰ (২২) ৷
আজি সন্ধিয়া কাৰবি আংলং জিলাৰ আৰক্ষী অধীক্ষকে জব্দ কৰা ড্ৰাগছ খিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ২৪ কোটি টকা হব বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷ ইপিনে ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে ড্ৰাগছ বিৰোধী অভিযানকাৰী আৰক্ষীৰ দলটোৱে খটখটী আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে ৷