অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা NK production হাউচ পুনৰ বাৰ সাজু হৈছে নিজৰ নতুন প্ৰকল্প সমূহক লৈ। আপোনাৰ নিশ্চয় পূৰ্বৰ জানমণি-অঞ্জনা ইত্যাদি ভিডিঅ’ ছবি সমূহ তথা তাত থকা চিৰসেউজ বিহু গীত সমূহ মনত আছে! সেই ভিডিঅ’ ছবিৰ কাহিনী তথা বিহু গীত সমূহে আজি পৰ্যন্ত আমাক সমৃদ্ধ কৰি ৰাখিছে। বিগত বহু দিন ধৰি স্তব্ধ হৈ পৰা এই মনোৰঞ্জন ক্ষেত্ৰখনলৈ পুনৰ বাৰ প্ৰডাকচন হাউচটোৰ আগমনৰ বাতৰিয়ে সকলোকে উৎসাহিত কৰি তুলিছিল।
NK production ক সকলোৱে অসমীয়াৰ আৱেগ স্বৰূপ বুলি আখ্যা দিয়ে। কিয়নো, তেওঁলোকৰ ফালৰ পৰা যিসমূহ প্ৰকল্পই মুক্তি লাভ কৰিছিল সেইসমূহে উঠি অহা প্ৰজন্মৰ প্ৰতিভা সকলক এখন ভাল প্লেটফৰ্ম যোগান ধৰিছে। উক্ত প্ৰডাকচন হাউচটোৰ পৰাই বৰ্তমানৰ বহু অভিনেতা-অভিনেত্ৰীয়ে জনপ্ৰিয়তা লাভৰ জৰিয়তে নিজৰ খোঁপনি পুতিবলৈ সক্ষম হৈছিল। শেহতীয়াকৈ হাউচটোৰ সৈতে জন্মৰ দিন ধৰি জড়িত হৈ থকা নৃত্যশিল্পী উদয় শংকৰে “জানমণি ২০২৩” ৰ প্ৰস্তুতি সম্পৰ্কে আভাষ প্ৰদান কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।
এয়া সুখবৰ। অসমীয়া নতুন প্ৰকল্প সমূহ উপভোগ কৰিবলৈ সদায় উৎসুক দৰ্শক সকল। তাতেই আকৌ যদি “জানমণি” তথা “অঞ্জনা” ৰ কথা আহে, তেতিয়াহ’লে দৰ্শক সকল অধীৰ অপেক্ষাৰে অপেক্ষাৰত হৈ পৰে।