কাৰ্বি আংলং (Karbi Anglong) জিলাৰ বিদ্যালয়সমূহৰ বছেৰেকীয়া পৰীক্ষা (yearly test) চলি থকাৰ সময়তে নৱম শ্ৰেণীৰ (9th standard) কেইবাটাও বিষয়ৰ প্ৰশ্নকাকত ফাদিল (Question paper leak) হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। ফলশ্ৰুতিত কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে আজি এক নিৰ্দেশনাযোগে চাৰিটা বিষয়ৰ পৰীক্ষা স্থগিত কৰাৰ কথা ঘোষণা কৰিছে।

নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি জিলাখনৰ বছেৰেকীয়া পৰীক্ষাৰ নৱম শ্ৰেণীৰ সাধাৰণ গণিত, সমাজ বিজ্ঞান, ঐচ্ছিক গণিত আৰু সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগতে বিভিন্ন সামাজিক মাধ্যমত উপলব্ধ হৈছে। সেয়েহে ১৩, ১৪, ১৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হʼবলগীয়া নৱম শ্ৰেণীৰ বছেৰেকীয়া পৰীক্ষা স্থগিত ৰখাৰ লগতে উক্ত পৰীক্ষাসমূহ অহা মাৰ্চত পুনৰ অনুষ্ঠিত কৰা হʼব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।
আনহাতে, প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ জিলাভিত্তিক আন্তঃপৰীক্ষা বʼৰ্ড সমিতিৰ সম্পাদক হৰেশ্বৰ বৰাই যোৱা ১২ ফেব্ৰুৱাৰীত ডিফু থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰি থকা বুলি আজি অতিৰিক্ত আৰক্ষী অধীক্ষক কংকনজ্যোতি নাথে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। এই সন্দৰ্ভত আৰক্ষীয়ে দুজন শিক্ষককে ধৰি তিনিজন লোকক থানালৈ আদি সোধ পোছ অব্যাহত ৰাখা বুলি জানিব পৰা গৈছে। আনহাতে, যিটো প্ৰেছত প্ৰশ্নকাকত ছপা কৰিবলৈ দিয়া হৈছিল উক্ত প্ৰেছৰো এজন লোকক আৰক্ষীয়ে সোধ পোছ অব্যাহত ৰাখিছে।