
নিৰ্বাচনকেন্দ্ৰিক বিষয়ক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়। স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনত এগৰাকী প্ৰাৰ্থীৰ প্ৰাৰ্থিত্ব নাচক কৰাক লৈ প্ৰতিবাদ। নিৰ্বাচন সমিতিয়ে একপক্ষীয় সিদ্ধান্ত লোৱাৰ অভিযোগ। সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থী এগৰাকী প্ৰাৰ্থিত্ব নাকচ হোৱাক লৈ উত্তপ্ত গুৱাহাটী বিশ্ববিদ্যালয়। সাধাৰণ সম্পাদক পদত আছিল দুগৰাকী প্ৰাৰ্থী।

আজি আছিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ দিন। কিন্তু বৈধ হোৱা মনোনয়ন পত্র আজি নাকচ কৰাক লৈ অসন্তুষ্ট শিক্ষার্থী। পথ অৱৰোধ কৰাৰ লগতে মূল তিনিখন প্ৰৱেশদ্বাৰ বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত। বিষয়টো সমাধান নোহোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ।













