![]()
ভূমিকম্পত কঁপি উঠিল দক্ষিণ তুৰস্ক (Turkey)। সোমবাৰে পুৱতি নিশা অনুভূত হয় এই কম্পন। কম্পনৰ উৎসস্থল হৈছে দক্ষিণ তুৰস্ক। গাজিয়ানতেপ প্রদেশৰ পূব দিশে নুৰদাগি চহৰৰ পৰা ২৬ কিলোমিটাৰ পূবে ভূগর্ভৰ প্রায় ১৮ কিলোমিটাৰ গভীৰত ইয়াৰ উৎস। ৰিখটাৰ স্কেলত কম্পনৰ মাত্রা আছিল ৭.৮। ইয়াৰ কিছু সময় পিছত আৰু এটি কম্পন অনুভূত হয় মধ্য তুৰস্কত।

ইউনাইটেড ষ্টেটছ জিওলজিকেল ছার্ভেৰ (ইউএছজিএছ) (United States Geological Survey) মতে, দ্বিতীয় কম্পনৰ তীব্রতা আছিল ৬.৭। লেবানন, চিৰিয়া আৰু চাইপ্ৰাছৰ বিভিন্ন অংশত ভূমিকম্প অনুভূত হোৱা বুলি স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ। উল্লেখ্য, ১৯৯৯ চনৰ পিছত তুৰস্কত এনে ভয়াৱহ ভূকম্প হোৱা নাই। বিপর্যয়ৰ মুহূর্তৰ কিছু ভিডিও ফেচবুক, টুইটাৰত ভাইৰেল হৈছে।
তাত দেখা গৈছে, তীব্র কম্পনৰ ফলত ঘৰ-দুৱাৰ ভাঙি গৈছে। প্রাণ বচোৱাৰ আশাত মানুহে দৌৰা-দৌৰি কৰাও দেখা গৈছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ মতে, এই পর্যন্ত ১৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভূমিকম্পৰ ফলত ৩৪ টা ঘৰ ধ্বংস হৈছে। এই ধ্বংসস্তূপৰ তলত বহু লোক আবদ্ধ হৈ থকাৰ আশঙ্কা কৰা হৈছে। ফলত মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে।












