কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (Union Public Service Commission) পৰীক্ষাত অসমৰ পৰা কেৱল ১.১ শতাংশ পৰীক্ষাৰ্থীহে কৃতকাৰ্য (Only 1.1 per cent of the examinees are successful) হয় বুলি মন্তব্য আগবঢ়াইছে অসমৰ প্ৰাক্তন মুখ্য সচিব তথা অসম শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ জিষ্ণু বৰুৱাই (Jishnu Barua)।
মধ্য অসমৰ অন্যতম অগ্রণী উচ্চ শিক্ষা প্ৰতিষ্ঠান নগাঁও কলেজ (স্বতন্ত্ৰ)ত আজি অনুষ্ঠিত ”ভাৰতীয় প্ৰশাসনিক সেৱা আৰু অসম অসামৰিক সেৱা পৰীক্ষাৰ প্ৰস্তুতি আৰু কৃতকাৰ্যতাৰ চাবিকাঠী” শীৰ্ষক এক আলোচনা চক্ৰ আৰু মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত মুখ্য সচিবগৰাকীয়ে আৰু কয় যে উত্তৰ প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, তামিলনাডু, হাৰিয়ানা, বিহাৰৰ পৰাই সৰহ সংখ্যক প্ৰাৰ্থী কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হয়।
এই সন্দৰ্ভত ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়া গৰাকীয়ে তথ্য দাঙি ধৰি কয় যে ভাৰতীয় প্ৰসাশনিক সেৱাৰ পৰীক্ষাত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম ৰাজ্য মণিপুৰৰ পৰা ০.৭ শতাংশ, নাগালেণ্ডৰ পৰা ০.৩৮ শতাংশ, অৰুণাচলৰ পৰা ০.৮ শতাংশ, মেঘালয়ৰ পৰা ০.৬ শতাংশ, মিজোৰামৰ পৰা ০.৪২ শতাংশ, ত্ৰিপুৰাৰ পৰা ০.০৪ শতাংশ উত্তীৰ্ণ হয়।
আনহাতে বৰুৱাই তুলনামূলক তথ্য দাঙি ধৰি উত্তৰ প্ৰদেশৰ পৰা ১৫. ৮ শতাংশ আৰু বিহাৰৰ পৰা ১০.৮ শতাংশ পৰীক্ষাৰ্থীয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে অভিযন্তা শাখাৰ প্ৰাৰ্থীয়েও ভূগোল, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, সমাজ বিজ্ঞান বিষয়ক লৈ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হয়।
আনহাতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ ভিত্তিত আই. চি. এছ আৰু আই.এ.এছ পৰীক্ষাৰ ইতিহাস, আই. এ. এছ পৰীক্ষাৰ আৰ্হি, কৃতকাৰ্য হোৱাৰ কৌশল, মূল পৰীক্ষাৰ বাবে প্ৰস্তুতি আদিৰ সন্দৰ্ভত অনুপ্ৰেৰণামূলক বিভিন্ন মন্তব্যৰে ছাত্ৰ-ছাত্ৰীৰ সৈতে এক সৌহাদ্যপূৰ্ণ মত বিনিময় কৰে। আনহাতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত
৬ ৰ পৰা ৮ শতাংশ পৰীক্ষাৰ্থীয়ে প্ৰথম প্ৰচেষ্টাত কৃতকাৰ্য হোৱাৰ বিপৰীতে ৮০ শতাংশতকৈ অধিক প্ৰতিযোগীয়ে দ্বিতীয় আৰু তৃতীয় প্ৰচেষ্টাত কৃতকাৰ্য হয় বুলিও বৰুৱাই মন্তব্য কৰে। নগাঁও কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড: ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানত সঞ্চালনা কৰে কলেজখনৰ অধ্যক্ষ ড: শৰৎ বৰকটকীয়ে আৰু আদৰণি ভাষণ প্ৰদান কৰে অধ্যাপিকা ড: ফাৰিষ্টা য়াচমিনে। আজিৰ মত বিনিময় অনুষ্ঠানত ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে। অধ্যাপক ঋষি ভাৰ্গৱ দাসে অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৰে শলাগ লয়।