কাৰবি আংলং (Karbi Anglong) জিলাত বুধবাৰে পুৱাৰ ভাগত অবৈধ ড্ৰাগছ বিৰোধী অভিযানত কাৰবি আংলং আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা ৷ আজি এক গোপন সূত্ৰৰ ভিত্তিত ডিফু আৰু লাহৰিজানৰ দুটা পৃথক স্থানত আৰক্ষী আৰু চিআৰপিএফৰ যৌথ অভিযানত উদ্ধাৰ হয় ১ কেজিতকৈ অধিক মূল্যৰ সন্দেহযুক্ত হেৰইন (Heroin seized) ৷
প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱাৰ ভাগত উজনিমুৱা অৱাধ আচাম এক্সপ্ৰেছ ৰে’ল যোগে দুজন লোকে ড্ৰাগছ সৰবৰাহৰ গোপন খবৰ লাভ কৰি জিলা উপ-আৰক্ষী অধীক্ষক নাহিদ কৰিশ্মা, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত ২০ বিএন চি আৰপিএফ ডিফু থানাৰ অ’চি জে এছ খবুঙৰ লগতে থানা ষ্টাফৰ সহযোগত ডিফু ৰে’ল ষ্টেচনত সন্দেহযুক্ত হেৰইনখিনি ওচৰত উদ্ধাৰ (heroin recovered nearby at Diphu railway station) কৰিবলৈ সক্ষম হয় ৷
হেৰইনখিনিৰ ওজন ১ কেজি ৩৬ গ্ৰাম, ইয়াৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। হেৰইনখিনি ৰাজস্থানৰ পৰা ট্ৰেইনযোগে ডিফুত কাৰোবাক সৰবৰাহ কৰিব আনিছিল বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ৷ হেৰইনখিনিৰ সৈতে আৰক্ষীয়ে দুজন লোকক আটক কৰিছে৷ লোক দুজন ক্ৰমে, ৰাজস্থানৰ চন্দ্ৰ শেখৰ সেন (৪৫) আৰু ধীৰাজ চলাংকি (৩০)।
আনহাতে আজি পুৱাৰ ভাগত অসম নাগালেণ্ড সীমান্তৰ লাহৰিজানতো উদ্ধাৰ হয় সন্দেহযুক্ত হেৰইন আৰু আটক হয় এটা সৰবৰাহকাৰী ৷ গোপন খবৰৰ ভিত্তিত লাহৰিজানত লাহৰিজান পহৰা চকীত নাকা তালাচীত উদ্ধাৰ হয় বুজন পৰিমাণৰ হেৰইন৷ লাহৰিজান পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন গগৈ নেতৃত্বত চি ২০ চিআৰপিএফৰ দল আৰু পহৰাচকীৰ ষ্টাফৰ সহযোগত চলিছিল অভিযান৷ তালাচীকালত AS-02-C-2548 নম্বৰৰ এখন টাটা ডিআই বাহনৰ পৰা উদ্ধাৰ হয় হেৰইনখিনি ৷
২৫টা চাবোনৰ (25 soaps) বাকচত সৰবৰাহকাৰীয়ে কঢ়িয়াই আনিছিল ৩০৪ গ্ৰাম সন্দেহযুক্ত হেৰইন (304 grams of suspected heroin) ৷ সন্দেহযুক্ত হেৰইনখিনিৰ সৈতে আৰক্ষীয়ে ডবকাৰ ওচৰৰ হালধিআটিৰ আব্দুল মতিনৰ পুত্ৰ ফয়েজউদ্দিন নামৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ৷ এই সন্দৰ্ভত অধিক তথ্যৰ তিনিটা সৰবৰাহকাৰীক আৰক্ষীয়ে মাৰাথান জেৰা অব্যাহত ৰাখেছে বুলি জানিব পৰা গৈছে৷ জব্দকৃত সন্দেহযুক্ত হেৰইনখিনিৰ বজাৰ মূল্য 2 কোটিতকৈ অধিক টকাৰ হব বুলি জানিব পৰা গৈছে৷