এবছৰত আয় ৭ লাখ টকা পৰ্যন্ত হʼলে আয়কৰৰ পৰা ৰেহাই(Income tax rebate)।কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman )দৰমহা পোৱা কৰ্মচাৰীৰ আয়কৰ ৰেহাই দিয়াৰ কথা ঘোষণা কৰে। আয়কৰ ৰেহাইৰ সীমা ৫ লাখৰ পৰা ৭ লাখলৈ বৃদ্ধি কৰা হৈছে। তাৰোপৰি কোনোবাই যদি এবছৰত ৯ লাখ টকা পৰ্যন্ত উপাৰ্জন কৰে তেন্তে তেওঁ ৪৫ হাজাৰ টকা আয়কৰ দিব লাগিব। যিটো পূৰ্বতকৈ ২৫ শতাংশ কম।
যিসকলৰ বাৰ্ষিক আয় ১৫ লাখ টকা, তেওঁলোকে ১.৫ লাখ টকাৰ কৰ দিব লাগিব। আগতে ১ লাখ ৮৭ হাজাৰ টকা দিবলগীয়া হৈছিল।কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ ঘোষণা, যদি বাৰ্ষিক আয় ০ৰ পৰা ৩ লাখ টকাৰ ভিতৰত হয় তেন্তে কোনো কৰ দিব নালাগে।
যদি বাৰ্ষিক আয় ৩ লাখৰ পৰা ৬ লাখ টকাৰ ভিতৰত হয় তেন্তে কৰ ৫ শতাংশ হʼব।যদি বাৰ্ষিক আয় ৬ লাখৰ পৰা ৯ লাখ টকাৰ ভিতৰত হয় তেন্তে কৰ ১০ শতাংশ হʼব।যদি বাৰ্ষিক আয় ৯ লাখৰ পৰা ১২ লাখ টকাৰ ভিতৰত হয় তেন্তে ১৫ শতাংশ হাৰত কৰ আদায় দিয়া হʼব।
১২ লাখ টকাৰ পৰা ১৫ লাখ টকালৈ ২০ শতাংশ কৰ আদায় দিয়া হʼব।
যদি বাৰ্ষিক আয় ১৫ লাখ টকাৰ অধিক হয় তেন্তে ৩০% কৰ দিব লাগিব।