কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) বুধবাৰে দাখিল কৰে অন্তৱৰ্তীকালীন বাজেট (Interim Budget)। এই বাজেটত কেইটামান বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই সম্পৰ্কে কিছু আলোকপাত কৰা হৈছে।
এই বাজেটত আয়ুষ্মান ভাৰত আঁচনি সকলো আশা আৰু অংগনবাড়ী কৰ্মীক প্ৰদান, পূৰ্বাঞ্চলৰ উন্নয়নৰ ওপৰত অধিক গুৰুত্ব, দৰিদ্ৰ, মহিলা, যুৱক-যুৱতী আৰু অন্নদাতা অৰ্থাৎ কৃষকৰ উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। আনহাতে, লাক্ষাদ্বীপৰ পৰ্যটন উন্নয়নতো গুৰুত্ব আৰোপ কৰা হৈছে।
আৰু অধিক মহিলা হ’ব ‘লাখপতি বাইদেউ’
বাজেট অধিবেশন আৰম্ভ হোৱাৰ পূর্বে দিয়া ভাষণত প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে উল্লেখ যে এই বাজেটখনত নাৰীত্বৰ উদযাপন হ’বলৈ গৈ আছে৷ প্ৰধানমন্ত্ৰীৰ উক্ত বক্তব্যৰ ওপৰত গুৰুত্ব দি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট ভাষণত বিগত দহ বছৰত নাৰী সবলীকৰণৰ বিশদ ব্যাখ্যা আগবঢ়ায়। তাৰ সমান্তৰালকৈ তেওঁ মহিলাৰ বাবে নতুন নতুন প্ৰকল্পৰ কথাও ঘোষণা কৰে। তাৰে এটা হ’ল ‘লাখপতি বাইদেউ’।
বৃহস্পতিবাৰৰ বাজেট ভাষণত নিৰ্মলাই ঘোষণা কৰে, “গ্ৰাম্য মহিলা সবলীকৰণৰ বাবে ‘লাখপতি বাইদেউ’ আঁচনি আৰু অধিক সম্প্ৰসাৰণৰ পৰিকল্পনা কেন্দ্ৰই কৰিছে।” আগন্তুক দিনত ইয়াৰ পৰিমাণ ৩ কোটিলৈ বৃদ্ধি কৰা হৈছে।
কোন এই লাখপতি বাইদেউ?
বিগত বৰ্ষৰ আগষ্ট মাহত কেন্দ্ৰই বিশ্বকৰ্মা আঁচনিৰ লগতে লখপতি বাইদেউ আঁচনিৰ কথা ঘোষণা কৰিছিল। এই প্ৰকল্পত গ্ৰামাঞ্চলৰ মহিলাসকলক বিভিন্ন কাৰিকৰী দক্ষতাৰ প্ৰশিক্ষণ দিয়া হ’ব। যাৰ সহায়ত এই মহিলাসকলে প্ৰতি বছৰে কমেও ১ লাখ টকা উপাৰ্জন কৰিব পাৰিব। মূলত এই প্ৰকল্পৰ লক্ষ্য হৈছে গ্ৰাম্য মহিলাসকলক আৰ্থিকভাৱে স্বাৱলম্বী কৰা।
কেন্দ্ৰই কয় যে অনাগত দিনত ভাৰতৰ গ্ৰাম্য অঞ্চলত ২ কোটি লাখপতি বাইদেউ সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছে। বৃহস্পতিবাৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলাই সেই সংখ্যা আৰু অধিক বৃদ্ধিৰ কথা ঘোষণা কৰে।
অৱশ্যে বিত্তমন্ত্ৰীয়ে নাৰী সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰি মধ্যবিত্ত শ্ৰেণীৰ কথাও কয়। পৰ্যটনৰ কথা উল্লেখ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয়, আমাৰ দেশৰ মধ্যবিত্ত শ্ৰেণীয়ে ভ্ৰমণ কৰি ভালপায়, নতুন ঠাইলৈ যাবলৈ ভালপায়। গতিকে তেওঁ দেশৰ সকলো ৰাজ্যকে মধ্যবিত্ত শ্ৰেণীক আকৰ্ষণ কৰিবলৈ নতুন পৰ্যটন ক্ষেত্ৰ সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছে।
নিৰ্মলাই ভাষণৰ আৰম্ভণিতে কোৱাৰ দৰে এইবাৰৰ বাজেটত চাৰিটা বিষয়ক বিশেষ গুৰুত্ব দিয়া হৈছে। সেয়া হৈছে মহিলা, যুৱক-যুৱতী, দৰিদ্ৰ আৰু কৃষক। যদিও বাজেট ভাষণত তাৰ বাবে ঘোষণা কৰা হোৱা নাছিল, তথাপিও বিগত দহ বছৰত চৰকাৰে তেওঁলোকৰ বাবে কি কৰিছে সেই বিষয়ে উল্লেখ কৰে।
বিমানবন্দৰসমূহ সম্প্ৰসাৰণ কৰা হ’ব
দেশৰ সকলো বিমানবন্দৰ সম্প্ৰসাৰণ কৰা হ’ব। ভাৰতীয় বিমান সংস্থাসমূহক ১০০০ খন নতুন বিমানৰ আবণ্টন দিছে।
আয়কৰ সংগ্ৰহ বৃদ্ধি
বিত্তমন্ত্ৰীয়ে কয় যে প্ৰত্যক্ষ কৰ বহুত বৃদ্ধি পাইছে। আয়কৰ প্ৰদানৰ সংখ্যা ২.৪ গুণ বৃদ্ধি পাইছে।
নতুন চিকিৎসা মহাবিদ্যালয়ৰ ঘোষণা
দেশত বহুকেইখন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব।
ধৰ্মীয় পৰ্যটনৰ ওপৰত গুৰুত্ব দিব চৰকাৰে
কেন্দ্ৰই ধৰ্মীয় পৰ্যটনৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। “ৰাজ্যৰ পৰ্যটনস্থলীৰ উন্নয়ন আমি বিচাৰো। প্ৰয়োজন হ’লে দীৰ্ঘম্যাদী ঋণ দিয়া হ’ব। লাক্ষাদ্বীপকে ধৰি সমগ্ৰ দেশতে পৰ্যটনৰ সুবিধা বৃদ্ধিৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হ’ব।” বিত্তমন্ত্ৰীয়ে কয়।
বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে ৰে’লৱেৰ ৪০ হাজাৰ সাধাৰণ ডবা নিৰ্মাণ
বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে নিৰ্মাণ হ’ব ৰে’লৱেৰ ৪০ হাজাৰ সাধাৰণ ডবা। লগতে ৰে’লৰ গতি বৃদ্ধি পাব।
বিত্তমন্ত্ৰীয়ে কয়, বৰ্তমান আমাৰ ১৪৯টা বিমানবন্দৰ আছে। কেইবাটাও ভাৰতীয় কোম্পানীয়ে অৰ্ডাৰ দিছে এহেজাৰৰো অধিক বিমান। অনাগত দিনত বিমান যাত্ৰা সস্তা হ’ব।
প্ৰধানমন্ত্ৰী আৱাস যোজনাত অধিক ঘৰ
ইতিমধ্যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩ কোটি ঘৰৰ ব্যৱস্থা কৰা হৈছে। আৰু ২ কোটি ঘৰ প্ৰদানৰ লক্ষ্য লোৱা হৈছে।