বেছিভাগ ভাৰতীয়ই বেংকত নিজৰ ধন জমা কৰিবলৈ বাছি লয় চেভিংছ একাউণ্ট। সাধাৰণ মানুহে তেওঁলোকৰ সঞ্চয় বেংকৰ চেভিংছ একাউণ্ট, কাৰেণ্ট একাউণ্ট বা ফিক্সড ডিপোজিটতো জমা কৰে। বেংকিঙৰ প্ৰথম পদক্ষেপ হিচাপে চেভিংছ একাউণ্ট বাছি লোৱা হয়।
বেংকে কাৰেণ্ট একাউণ্টতকৈ চেভিংছ একাউণ্টত অধিক সুত দিয়ে। কিন্তু চেভিংছ একাউণ্টৰ সুতৰ হাৰ ফিক্সড ডিপোজিটৰ তুলনাত বহু কম। কিন্তু আপুনি জানেনে যে বৰ্তমান আপুনি চেভিংছ একাউণ্টত ফিক্সড ডিপোজিটৰ সমান বা তাতকৈ অধিক সুত আদায় কৰিব পাৰে?
ভাৰতীয় ষ্টেট বেংকে (State Bank of India) তেওঁলোকৰ গ্ৰাহকৰ বাবে এটা আকৰ্ষণীয় অফাৰ আগবঢ়াইছে। গ্ৰাহকে এছবিআই চেভিংছ প্লাছ একাউণ্ট (Savings Plus Account) খুলি অতিৰিক্ত সুত লাভ কৰিব পাৰিব। এই একাউণ্টটো একাধিক জমা বিকল্পৰ সৈতে সংযুক্ত। এই একাউণ্টত এটা সীমা নিৰ্ধাৰণ কৰা হৈছে।
এছবিআইৰ এই বিশেষ একাউণ্টত ‘অটো ছুইট’ৰ সুবিধা উপলব্ধ আছে। অটো ছুইট সুবিধাৰ জৰিয়তে নিৰ্ধাৰিত ধন চেট কৰাৰ পিছত চেভিংছ একাউণ্টৰ ধনৰাশি ফিক্সড ডিপোজিটলৈ ৰূপান্তৰিত হʼব। ফিক্সড ডিপোজিটলৈ ৰূপান্তৰিত কৰা ধনৰ ওপৰত এফ ডি সুত আদায় কৰা হʼব। বাকী থকা ধনৰ ওপৰত চেভিংছ একাউণ্টৰ সুত আদায় কৰা হʼব।
SBI Savings Plus একাউণ্টৰ বৈশিষ্ট্যসমূহ:
• ১-৫ বছৰলৈকে জমা ধনৰ সময়সীমা উপলব্ধ হ’ব
• এটিএম কাৰ্ড উপলব্ধ হ’ব
• মোবাইল বেংকিঙৰ সুবিধা লাভ কৰিব পাৰিব
• ইণ্টাৰনেট বেংকিং ব্যৱহাৰ কৰিব পাৰিব
• এছএমএছ লাভ কৰিব
• MOD-ৰ বিপৰীতে ঋণ লʼব পাৰিব
• প্ৰতি বছৰে ২৫ পৃষ্ঠাৰ এখন চেকবুক বিনামূলীয়াকৈ উপলব্ধ হ’ব
ছেভিংছ প্লাছ একাউণ্টৰ ধনৰাশিৰ নূন্যতম সীমা ৩৫,০০০ টকা, তাৰ ওপৰত আপোনাৰ বেলেঞ্চ ফিক্সড ডিপোজিটলৈ ৰূপান্তৰিত হʼব। বৰ্তমান ষ্টেট বেংকে সাধাৰণ সঞ্চয় একাউণ্টত ২.৭০ শতাংশ সুত প্ৰদান কৰে। কিন্তু অটো ছুইট পদ্ধতিৰ জৰিয়তে অতিৰিক্ত সুত সংগ্ৰহ কৰিব পাৰিব।