মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ অন্তিম বাজেট (Budget)ত আয়কৰৰ গাঁথনিৰ (Income Tax Structure) কোনো পৰিৱৰ্তন ঘটোৱা নাই। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ইয়াৰ কাৰণ অৱগত কৰে। তেওঁ ঘোষণা কৰে, “যিহেতু এইটো এটা নিৰ্বাচনী বৰ্ষ, আমি এই সন্দৰ্ভত কোনো সিদ্ধান্ত ঘোষণা কৰা নাই।” অৱশ্যে ইয়াৰ পূৰ্বে ২০১৯ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে আয়কৰ ৰেহাইৰ সীমা অন্তৱৰ্তীকালীন বাজেটত বৃদ্ধি কৰা হৈছিল। অহা মাৰ্চ পৰ্যন্ত বলবৎ থকা কৰ গাঁথনি পৰৱৰ্তী বাজেটলৈ বৃদ্ধি কৰা হৈছে বুলিও বিত্তমন্ত্ৰীয়ে কয়।
উল্লেখযোগ্য যে পুৰণি কৰ গাঁথনিত ২ লাখ ৫০ হাজাৰ টকাৰ ওপৰত সৰ্বনিম্ন হাৰত আয়কৰ প্ৰযোজ্য আছিল। অন্তৱৰ্তীকালীন বাজেটত ৫০ হাজাৰৰ পৰা ৩ লাখ টকালৈ বৃদ্ধি কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ফলত বছৰি ১২৫০ টকা ৰাহি হ’ব।
সেই ক্ষেত্ৰত ৫.৫ লাখ টকা পৰ্যন্ত আয়কৰ দিব নালাগিব। একে সময়তে পুৰণি আৰু নতুন দুয়োটা কৰ গাঁথনিতে ‘standard deduction’ৰ পৰিমাণ ৫০ হাজাৰ টকাৰ পৰা ৬০ হাজাৰ টকালৈ বৃদ্ধি হ’ব পাৰে বুলিও চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছিল। কিন্তু কাৰ্যত সেয়া নহ’ল।
সাধাৰণতে লোকসভা নিৰ্বাচনী বৰ্ষত নিৰ্বাচনৰ পিছত নতুন চৰকাৰ গঠন হ’লে সম্পূৰ্ণ বাজেট দাখিল কৰা হয়। চৰকাৰী ব্যয় আৰু কাম-কাজত যাতে বাধাৰ সৃষ্টি নহয় তাৰ বাবে নিৰ্বাচনৰ পূৰ্বে ‘ভোট অন একাউণ্ট’ বা অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হয়। সাধাৰণতে অন্তৱৰ্তীকালীন বাজেটত কোনো ডাঙৰ ঘোষণা কৰা নহয়। কিন্তু ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেও অন্তৱৰ্তীকালীন বাজেটত আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰা হৈছিল। পাঁচ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনেও কৰ দিব নালাগিব বুলি ঘোষণা কৰা হৈছিল। উল্লেখযোগ্য যে বৰ্তমান দেশত আয়কৰৰ দুটা গাঁথনি চলি আছে। এটা পুৰণি আৰু আনটো নতুন। নতুন কৰ গাঁথনিত উচ্চ সীমা ৭ লাখ টকা। কৰৰ হাৰ কম, কিন্তু কৰ ৰেহাই নাই। পুৰণিবোৰত এতিয়াও বিভিন্ন ৰেহাই আছে।