যোৱা ১৬ ক্ষেব্ৰুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে ডিফুৰ কাছা খেল(KASA Stadium) পথাৰত কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু কাৰবি আংলং ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত চলি থকা দ্বিতীয় আন্তঃ এমএচি ক্লাৱ প্ৰাইজমনি ফুটবল প্ৰতিযোগিতাৰ(Inter mac club prize money football competition)আজিৰ চূডান্ত খেলত টাই ব্ৰেকাৰত কৰকাণ্ঠি দলৰ হাতত লুম্বাজং দল ৬-৫ গ’লৰ ব্যৱধানত পৰাজিত হয় ৷
তীব্ৰ প্ৰতিদ্বন্ধিতা মূলক খেলখনৰ নিৰ্ধাৰিত সময়ত দুয়োটা দলে উজ্জিৱিত খেল প্ৰদৰ্শন কৰে ৷ খেলৰ প্ৰথমাৰ্ধত ৩৮ মিনিটত লুম্বাজং দলৰ হৈ কেলভিন ছনতেই ১ গ’ল দি দলক ১-০ ৰ অগ্ৰগতি প্ৰদান কৰে৷ ইয়াৰ পিছত খেলৰ দ্বিতীয়াৰ্ধৰ ৮২ মিনিটিত কৰকাণ্ঠি দলে এটা পেনাল্টি শ্বটৰ সুযোগ লাভ কৰি কৰকাণ্ঠি দলৰ হৈ কামছিং ৰংহাঙে পেনাল্টিক গ’ললৈ কাৰ্যকৰী কৰাৰ পিছত কৰকাণ্ঠি দলে ১-১ ত সমতা স্থাপন কৰিবলৈ সক্ষম হয় ৷
খেলৰ নিৰ্ধাৰিত সময়ত খেলখন অমীমাংসিত হোৱাত অতিৰিক্ত ভাৱে ৩০ মিনিট খেলিবলৈ দিয়া হয় ৷ অতিৰিক্ত সময়ত কোনো দলে গ’ল কৰিবলৈ সক্ষম নোহোৱাত টাই ব্ৰেকাৰ পদ্ধিতিৰ সহায় লব লগীয়া হয় ৷ টাই ব্ৰেকাৰত কৰকাণ্ঠি দলে লুম্বাজং দলক ৬-৫ গল’ৰ ব্যৱধানত পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে লুম্বাজঙৰ হাৰং তিমুঙে৷
কৰক্ণ্ঠি দলৰ নংকুলেট ইংতিয়ে শ্ৰেষ্ট গ’ল ৰক্ষকৰ পুৰষ্কাৰ পায় ৷ প্ৰতিযোগিতাৰ শ্ৰেষ্ট স্ক’ৰাৰ পায় বৰজানৰ দেউৰী ক্ৰ’ই ৷ আনহাতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে লুম্বাজঙৰ খেলুৱৈ কমলচন ৰংফাৰে ৷ খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰবি পৰিষদৰ অধ্যক্ষ ৰাজু তিচৰ, লগতে বিধায়ক দৰচিং ৰংহাঙ আৰু কেইবাগৰাকী ইএম এমএচি ৷ বিজয়ী দলে লভ কৰি ট্ৰফী সহ তিনিলাখ টকাৰ চেক ৷
বিজেতা দলে লাভ কৰে ট্ৰফী সহ ২ লাখ টকাৰ চেক৷ তৃতীয় আৰু চতুৰ্থ স্থান প্ৰাপ্ত দলে লাভ কৰে ট্ৰফী সহ ক্ৰমে, ১ লাখ আৰু ৫০ হাজাৰ টকাৰ চেক৷ খেলখন পৰিচালনা কৰে হনছিং কিলিঙে ৷ তেওঁক লাইনত সহায় কৰে ক্ৰমে, ধানেশ শ্বাহ আৰু শংকৰ তেৰাঙে ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে ইচমেইল টেৰণে ৷