নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ (Nagaon District Brahmin Society) নৱনিৰ্বাচিত বিষয়ববীয়াৰসকলৰ আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও জিলাৰ পুৰণিগুদামৰ চলচলি দুৰ্গা মন্দিৰত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি অসম ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা আচাৰ্য ৰোহিনী বল্লভ গোস্বামীয়ে ভাৰতীয় আধ্যাত্মিক দৰ্শনত বেদৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় : “বেদ বিজ্ঞানৰ ভাণ্ডাৰ।
ঋষি-মুণিসকলে দেখুৱাই যোৱা আৰু পিতৃ পৰম্পৰাগত ভাৱে চলি অহা কাম বিলাকত বৈজ্ঞানিক দৃষ্টি আছে। আধুনিক বিজ্ঞানে ঢুকি নোপোৱা তথ্যও বেদত উপলব্ধ। বেদ ভাৰতীয় সংস্কৃতিৰ প্ৰতীক।” বিশিষ্ট সংস্কৃত পণ্ডিতগৰাকীয়ে আৰু কয় যে আমি আধ্যাত্মিক জীৱনেৰে পৰিপুষ্ট হব লাগিব।
যি ব্ৰহ্মজ্ঞ হয় তেওঁ সৰ্বস্তৰত ব্ৰহ্মৰ অস্তিত্বক স্বীকাৰ কৰিব পাৰে। প্ৰসংগক্ৰমে গোস্বামীয়ে ব্ৰাহ্মণ সমাজক সুসংগঠিত কৰি সমাজৰ হিত সাধনত মনোনিৱেশ কৰিবলৈ ব্ৰাহ্মণ সমাজৰ প্ৰতিগৰাকীসদস্যক আহ্বান জনায়।
মধ্য নগাঁও কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজৰ ব্যৱস্থাপনাত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত আন এগৰাকী সংস্কৃত পণ্ডিত যজ্ঞপতি শৰ্মা শাস্ত্ৰীয়ে ব্ৰাহ্মণ সকলক কৰ্মৰ জৰিয়তে আগবাঢ়ি যোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।এইক্ষেত্ৰত সমাজত সততে প্ৰয়োজন হোৱা পুৰোহিত সকলে নিখুতভাৱে বৈদিক কৰ্ম কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ লৈ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ব্ৰাহ্মণ সমাজক ব্যৱস্থা গ্ৰহনৰ আহ্বান জনায়।
নগাঁও জিলা ব্ৰাহ্মণ সমাজৰ সভাপতি ৰবীন্দ্ৰ নাথ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত উচ্চ শিক্ষা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰবীন চন্দ্ৰ শৰ্মাই ব্ৰাহ্মণ সমাজৰ উঠি অহা প্ৰজন্মক প্ৰতিযোগিতাৰ পৃথিৱীত নিজকে আগবঢ়াই নিবৰ বাবে প্ৰকৃত শিক্ষাৰ আহৰণৰ লগতে সংস্কাৰমুখী হবৰ বাবে আহ্বান জনায় । সভাত অসম ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সম্পাদক প্ৰধান গণেশ শৰ্মাই ব্ৰাহ্মণ সমাজৰ কাৰ্যাৱলীৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে।
উল্লেখ্য যে শপত গ্ৰহণৰ উদ্দেশ্যে অনুষ্ঠিত কাৰ্যসূচীত পুৱা পতাকা উত্তোলন কৰে মধ্য নগাঁও কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজৰ সভাপতি গকুল শৰ্মাই।আজি শপত গ্ৰহন কাৰ্যসূচীত নতুকৈ গঠন হোৱা জিলা সমিতিখনৰ সভাপতি নৰেন্দ্ৰ নাথ শৰ্মা আৰু সম্পাদক দ্বিজেন গোস্বামীকে ধৰি সদস্যসকলক শপত বাক্য পাঠ কৰায় সংস্কৃত পণ্ডিত যজ্ঞপতি শৰ্মা শাস্ত্ৰীয়ে। উল্লেখ্য যে ১৯৭৩ চনত প্ৰতিষ্ঠা লাভ কৰা নগাঁও জিলা ব্ৰাহ্মণ সমাজে বিগত কাৰ্যকালৰ সমিতিখনৰ উদ্যোগত জিলাখনৰ ননৈ বাদল গাঁৱৰ নিজা মাটিত শেহতীয়াকৈ এটি স্থায়ী কাৰ্যালয় স্থাপন কৰে।
আনহাতে সোণালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰা নগাঁও জিলা ব্ৰাহ্মণ সমাজে চলিত বৰ্ষটোত সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ কৰিছে । ইয়াৰ অংশ হিচাপে আজি সোণালী জয়ন্তী বৰ্ষৰ এটি ষ্টিকাৰ আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়।