পাকিস্তানৰ পেছোৱাৰৰ (Pakistan’s Peshawar) মছজিদৰ ভিতৰত (Inside the mosque) নামাজ পঢ়াৰ সময়ত (While praying) ‘আত্মঘাতী’ (Suicidal) বিস্ফোৰণত কমেও ২৮ জন সাধাৰণ নাগৰিকৰ মৃত্যুৰ (Death) আশংকা প্ৰসাশনৰ। আঘাতৰ সংখ্যা কমেও ১৫০ জন সংবাদ সংস্থা ৰয়টাৰ্ছৰ মতে, বিস্ফোৰণৰ প্ৰভাৱৰ বাবেই মছজিদৰ এটা অংশ ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত বহু লোক আবদ্ধ হয়। অৱশ্যে এই ধ্বংসাৱশেষৰ তলত কিমানজন লোক আছে সেয়া প্ৰথমে জানিব পৰা হোৱা নাছিল।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই ঘটনাক গৰিহণা দিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানেও ইয়াৰ গৰিহণা দিয়ে।সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি, সোমবাৰে বিয়লি পেছোৱাৰৰ পুলিচ লাইনছ অঞ্চলৰ এটা মছজিদত নামাজৰ সময়ত সংঘটিত হয় এই বিস্ফোৰণ। ঘটনাৰ সময়ত মছজিদত সমবেত হয় কমেও ২৬০ জন নাগৰিক। স্থানীয় সূত্ৰ অনুসৰি, এই ঘটনাত কমেও ২৮ জন লোকৰ মৃত্যু হৈছে।
আহত ১৫০ জন লোক। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে প্ৰশাসনে।পাকিস্তানী সংবাদ মাধ্যম “জিঅ’ নিউজ”ৰ মতে, বিস্ফোৰণৰ পূৰ্বে আত্মঘাতী বোমাৰুজন মছজিদৰ ভিতৰত আছিল। নামাজৰ বাবে গোটখোৱা মানুহৰ মাজত তেওঁ আগৰ শাৰীত আছিল।
মছজিদৰ নিৰাপত্তাৰক্ষীয়ে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, দুষ্কৃতিকাৰীয়ে নামাজৰ সময়ত বিস্ফোৰণ ঘটায়। পেছোৱাৰ আৰক্ষী অধীক্ষক মহম্মদ ইজাজ খানে এ এফ পি সংবাদ সংস্থাক জনোৱা মতে, মছজিদত নামাজৰ সময়ত ১.৪০ বজাত এই বিস্ফোৰণ সংঘটিত হয়। এই খবৰ পাই স্থানীয় আৰক্ষী বিষয়া মছজিদত উপস্থিত হয়। উদ্ধাৰৰ কাম আৰম্ভ হৈছে।
আহতসকলক উদ্ধাৰ কৰি পেছোৱাৰৰ স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসালয়খনৰ মুখপাত্ৰ মহম্মদ অসীম খানে কয়, ‘ঘটনাস্থলীৰ পৰা বহু মৃতদেহ উদ্ধাৰ কৰা হৈছে।’ আহতসকলৰ ভিতৰত কমেও ১৩ জনৰ অৱস্থা সংকটজনক বুলি তেওঁ কয়। ছিকন্দৰ খান নামৰ এজন আৰক্ষী বিষয়াই কয়, “বিস্ফোৰণৰ বাবে মছজিদৰ এটা অংশ ভাঙি গৈছে। ইয়াৰ তলত বহু লোক সোমাই থকা বুলি ধাৰণা কৰা হৈছে।” বিস্ফোৰণৰ পিছত আৰক্ষীয়ে মছজিদৰ চাৰিওফালে সমগ্ৰ অঞ্চলটো ঘেৰি ধৰে।