ASSAM TIMES POST
ৰাজ্যিক মৰ্য্যদাৰে শোঁক পেৰেদ তথা চালামি প্ৰদান
ৰংহাঙৰ জন্মস্থান ভকচঙৰ ৰাজহুৱা শ্মশানত পাঁচ শতাধিক
গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয় ৰংহাঙৰ নশ্বৰ দেহৰ শেষকৃত
পশ্চিম কাৰ্বি আংলং : জনজাতীয় পৰম্পৰা তথা ৰাজ্যিক মৰ্য্যদাৰে আজি শেষকৃত সম্পন্ন কৰা হয় প্ৰাক্তন মন্ত্ৰী ৰূপন ছিং ৰংহাঙৰ নশ্বৰ দেহ। ৰংহাঙৰ জন্মস্থান ভকচঙৰ ৰাজহুৱা শ্মশানত পাঁচ শতাধিক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয় ৰংহাঙৰ নশ্বৰ দেহৰ শেষকৃত ।

পশ্চিম কাৰ্বিআংলং জিলাৰ উপায়ুক্ত চৈয়েদ স্ফাকুৰ ৰহমান,আৰক্ষী অধিক্ষক মৃণাল তালুকদাৰ আৰু কাৰ্বিপৰিষদৰ এম.এ.চি.দৰছিং ৰংহাঙৰ উপস্থিতিত প্ৰথমে হামৰেণ আৰক্ষীৰ চালামি পাৰ্টিয়ে ৰংহাঙৰ নশ্বৰ দেহৰ সন্মুখত ৰাজ্যিক পয্যায়ত শোক পেৰেডেৰে চালামি প্ৰদান কৰে । তাৰ পাছতেই সম্পূৰ্ণ জনগোষ্ঠীয় পৰম্পৰাৰে ৰংহাঙৰ দুই পুত্ৰয়ে মুখাগ্নি কৰে । ৰংহাং তৰুণ গগৈ চৰকাৰৰ প্ৰথম কাৰ্যকালৰ শিক্ষা দপ্তৰ মন্ত্ৰী আছিল । মৃত্যুৰ সময়ত ৰংহাঙে পত্নী সহ দুই পুত্ৰ আৰু এগৰাকী কন্যা সন্তান এই সংসাৰত এৰি থৈ যায় । তেওঁৰ মৃত্যুত সমগ্ৰ জিলাখনতে শোঁকৰ চাঁ পৰিছে ।













