![]()
দিল্লীত Delhi হাড় কপোৱা ঠাণ্ডাৰ লগতে বৃদ্ধি পাইছে প্ৰদূষণৰ মাত্ৰা। ফলত দেশৰ ৰাজধানী অঞ্চলৰ প্ৰায় ৫৩ শতাংশ পৰিয়ালৰ এজন বা ততোধিক সদস্য এতিয়া ভাইৰাছজনিত জ্বৰ আৰু শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছে।

দিল্লীৰ সমীপৰ নয়ডা Noida, গুৰুগ্ৰাম Gurugram, গাজিয়াবাদ Ghaziabad, ফৰিদাবাদ Faridabad ৰ প্ৰায় প্ৰতিটো পৰিয়ালতে একে সমস্যাত অন্ততঃ এজন সদস্যই ক্ষতিগ্ৰস্ত হৈছে। ২৩ শতাংশ পৰিয়ালত ২ৰ পৰা ৩ জন সদস্য প্ৰদূষণ আৰু শীতকালীন ৰোগত আক্ৰান্ত। বিগত কিছুদিনত দিল্লী আৰু ইয়াৰ আশেপাশে থকা ২৪ হাজাৰ ঘৰ পৰিদৰ্শন কৰি স্বাস্থ্য নিৰীক্ষণৰ এটা দলে এই তথ্য সংগ্ৰহ কৰিছে। প্ৰতিবেদন অনুসৰি, এই সমস্যাৰ কাৰণ হৈছে বায়ুৰ গুণাগুণৰ অৱনতি।
দুবছৰ পূৰ্বেও দিল্লীত শীতকালত একেধৰণৰ সমস্যা দেখা গৈছিল। সেই সময়ত দেশত কোভিড আক্ৰান্তৰ সংখ্যা কমিছিল যদিও দিল্লীত বৃদ্ধি পালে। তাৰ লগতে জ্বৰ, চৰ্দি, কাহ, মূৰৰ বিষ, শৰীৰৰ বিষ, শ্বাস-প্ৰশ্বাসজনিত সমস্যা আদিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। বায়ু প্ৰদূষণৰ বাবে চকুৰ সমস্যাও বাঢ়িছে।










