সমগ্ৰ ৰাজ্যৰ লগতে কাৰবি আংলঙৰ (Karbi Anglong) বিভিন্ন বিদ্যালয়তো (Different schools) ১৮ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱ (Gunotsav in the fourth phase) ৷ ১৮ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈকে জিলাখনৰ বিদ্যালয় সমূহত স্ব-মূল্যায়নৰ কাৰ্যসূচীৰ পিছত কালিৰে পৰা আৰম্ভ হৈছে বহিঃ নিৰিক্ষক আৰু মূল্যায়কৰ কাৰ্যসূচী ৷
আজি দ্বিতীয় দিন (Second day program)ৰ কাৰ্যসূচীত ডিফু চহৰৰ গাতে লাগি থকা চন্দ্ৰছিং টেৰণ হাইস্কুলত (Chandrasing Teron High School) বহিঃ নিৰিক্ষক আৰু মূল্যায়কৰ ভূমিকা পালন কৰে কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ যুটীয়া সচিব তথা এচিএছ বিষয়া ৰাজেছন তেৰাঙে (ACS officer Rajasan Terang)৷ বিষয়াগৰাকীক চন্দ্ৰছিং টেৰণ বিদ্যালয়ৰ বিদ্যালয় পৰিচালনা সমিতিৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে উষ্ম আদৰণি জনোৱাৰ লগতে ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷
বহিঃ নিৰিক্ষক ৰাজেছন তেৰাঙৰ উপস্থিতিত বিদ্যালয়ৰ নিয়ম অনুসৰি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰাতঃ সভাৰ জৰিয়তে প্ৰাৰ্থনা, কুছ-কাৱাজ, মহৎ লোকৰ বাণী, কুইজ আদি কোৱাৰ লগতে বাতৰি পঢ়ি নিৰিক্ষকগৰাকীৰ দৃষ্টি আকৰ্ষণ কৰে৷
বহিঃ নিৰিক্ষকগৰাকীয়ে গাইডলাইন অনুসৰি বিদ্যালয়খনৰ শিক্ষ-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ, আন্তঃগাথনি, মধ্যাহ্ন ভোজন, পূঁজীৰ স্থিতি, এছএমডিচিৰ ভূমিকাকে আৰম্ভ কৰি বিভিন্ন দিশসমূহ পুংখানুপুংখভাৱে নিৰিক্ষণ কৰি সন্তোষ পায় বুলি জানিব পৰা গৈছে৷ বহিঃ নিৰিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সৈতে মধ্যাহ্ন ভোজনতো অংশগ্ৰহণ কৰিছে৷
আনহাতে আজিৰ কাৰ্যসূচীত বহিঃ নিৰিক্ষক ৰাজেছন তেৰাঙৰ সৈতে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠক, এছএমডিচিৰ সভাপতি নিপু চৰণ দত্ত, এছএমডিচিৰ প্ৰাক্তন সদস্য অশ্বিন কলিতা, সদস্য ছাইদুল ইছলাম, অনান্য গণ্যমান্য সদস্য, মাতৃ গোটৰ সদস্যা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে ৷