![]()
আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই গুৱাহাটীৰ মাজেৰে দৈনন্দিন সৰহৰাহ হৈ আহিছে বিভিন্ন নিচাযুক্ত দ্ৰব্য(Drugs)।যোৱা বৃহস্পতিবাৰে মহানগৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ(Deputy Inspector General of Police Sarathi Mahanta)নেতৃত্বত চলা এক অভিযানত নাগালেণ্ডৰ পঞ্জীয়নভুক্ত NL 01K 3095 নম্বৰৰ মালবাহী ট্ৰাকৰ পৰা ২ কোটি টকা বজাৰ মূল্যৰ ৩২০ কেজি গাঞ্জা জব্দ কৰা হয়।

উক্ত ট্ৰাকখনত এক গোপন চেম্বাৰত অনা গাঞ্জা খিনি মণিপুৰৰ পৰা বিহাৰলৈ লৈ যাবলৈ আনিছিল। ইয়াৰ দুই সৰবৰাহকাৰী হৈছে ক্ৰমে ৰাজু দে আৰু থংগীয় মগে । গাঞ্জাখিনি কঢ়িওৱাৰ সময়তে মহানগৰ আৰক্ষীয়ে জব্দ কৰি আটক কৰা দুই সৰবৰাহকাৰীক গীতানগৰ থানাত জেৰা অব্যাহত ৰাখিছে৷












