![]()
ঋষিতুল্য কবি নীলমণি ফুকনৰ (Poet Nilamani Phukan) স্বাস্থ্যৰ অৱনতি (Deteriorating health) ঘটিছে। বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, পুত্ৰ-বোৱাৰীয়ে নিজ বাসগৃহতেই আই চি ইউত দিব পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰি চিকিৎসাৰ কৰি থকা হৈছে জ্ঞানপীঠ বঁটা বিজয়ী মহীৰূহগৰাকীৰ। মঙ্গলবাৰৰ দুপৰীয়াৰ পৰাই কবি গৰাকীৰ স্বাস্থ্য অতি সংকটজনক হয় বুলি জানিব পৰা গৈছে।

সেই সময়ছোৱাৰ পৰাই কবিগৰাকীক কৃত্ৰিম অক্সিজেনকেনীলমণি ফুকনৰ স্বাস্থ্যৰ অৱনতি ধৰি আন চিকিৎসাৰ পৰা পৰ্যাপ্ত সুবিধাৰে চিকিৎসা কৰি থকা হৈছে। কবি গৰাকীৰ আশু আৰোগ্যৰ কামনা কৰিছে এতিয়া তেখেতৰ অনুৰাগী তথা গুণমুগ্ধ সকলে।












