
দ্বিপাক্ষিক বাণিজ্য সন্দৰ্ভত পুনৰ বৈঠকত মিলিত হৈছে ভাৰত আৰু আমেৰিকা (India US Trade deal) । সোমবাৰৰ পৰা দিল্লীত আৰম্ভ হৈছে চাৰিদিনীয়া বাণিজ্যিক আলোচনা। ভাৰত আৰু আমেৰিকাৰ মাজত হোৱা অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ ৰূপৰেখা যোৱা ফেব্ৰুৱাৰী মাহত চূড়ান্ত কৰা হৈছিল। চাৰিদিনীয়া বৈঠকত অন্তৱৰ্তীকালীন চুক্তিৰ সবিশেষ বিতংভাৱে আলোচনা কৰা হ’ব।

আমেৰিকাৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব দেশখনৰ বাণিজ্য আলোচনা প্ৰতিনিধি দলৰ মুৰব্বী ব্ৰেণ্ডন লিঞ্চে। আনহাতে, বাণিজ্য মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব দৰ্পণ জৈনে নেতৃত্ব দিব এই বৈঠকত। ভাৰতীয় পক্ষৰ আলোচনাৰ বাবে তেওঁ প্ৰতিনিধি দলটোৰ মুৰব্বী।
বাণিজ্য মন্ত্ৰালয়ে এক বিবৃতিত কয় যে অন্তৱৰ্তীকালীন চুক্তিৰ সবিশেষ চূড়ান্ত কৰাৰ বাবে বৈঠক অনুষ্ঠিত হ’ব। তদুপৰি দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ অধীনত শুল্ক আৰু বাণিজ্যিক বিষয়সমূহ সৰলীকৰণ, বিনিয়োগ বৃদ্ধি ইত্যাদিকে ধৰি বিভিন্ন বিষয় আলোচনাত আহিব পাৰে।
শেহতীয়াকৈ ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত চাৰ্জিঅ’ গোৰে কয় যে দুয়োখন দেশৰ মাজত অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ আলোচনাৰ প্ৰায় ৯৯ শতাংশ কাম সম্পূৰ্ণ হৈছে।
মাত্ৰ এক শতাংশ কামহে বাকী আছে। এনে পৰিস্থিতিত সোমবাৰৰ পৰা আৰম্ভ হোৱা চাৰিদিনীয়া বৈঠকৰ গুৰুত্ব বাঢ়িছে। ইয়াৰ পূৰ্বে যোৱা এপ্ৰিল মাহত দুয়োখন দেশৰ বাণিজ্য আলোচনাৰ প্ৰতিনিধি দলে বৈঠকত মিলিত হৈছিল। সেইবাৰ ৱাশ্বিংটনত অনুষ্ঠিত হৈছিল বৈঠক।
৭ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল যে ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিৰ গাঁথনি সৃষ্টিৰ বাবে দুয়োখন দেশৰ মাজত এক চুক্তিত উপনীত হ’ব। ভাৰতীয় সামগ্ৰীৰ ওপৰত শুল্ক ৫০%ৰ পৰা ১৮%লৈ হ্ৰাস কৰিবলৈ আমেৰিকাই সন্মতি প্ৰকাশ কৰে।
পিছলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ট্ৰাম্প প্ৰশাসনৰ শুল্ক নীতিক অবৈধ বুলি ঘোষণা কৰে। এই পৰিস্থিতিতেই যোৱা এপ্ৰিল মাহত দুয়োখন দেশৰ বৈঠক অনুষ্ঠিত হয়।











