![]()
বিগত ২০১৭ চনৰ মে’ মাহত সংঘটিত হোৱা অৰ্ণমাই বৰাৰ হত্যা আৰু ধৰ্ষণ (Murder and rape of Arnamai Bora) কাণ্ডই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। শেহতীয়াকৈ এই হত্যাকাণ্ডৰ তদন্তত আৰক্ষীৰ ভুল (Police error in investigation of murder) হোৱা বুলি স্বীকাৰ (Acknowledgment) কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই (Bhaskar Jyoti Mahanta, DGP, Assam)। হোজাইৰ যমুনামুখৰ শিক্ষয়িত্ৰী (Teacher at Jamunamukh in Hojai) অৰ্ণমাই বৰাক বিদ্যালয়ৰ পৰা উভতি অহাৰ পথত ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। এই হত্যাকাণ্ড আছিল ২০২১ বিধানসভাৰো এক নিৰ্বাচনী ইচ্ছ্যু।

এই হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পিছতেই কপিলীৰ বুকুত উদ্ধাৰ হৈছিল শিক্ষয়িত্ৰী গৰাকীৰ মৃতদেহ। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰি ক্ষিপ্ৰতাৰে দুই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি পৰৱৰ্তী সময়ত নিম্ন আদালতত তথ্য দাখিল কৰিছিল। এই তথ্যৰ ওপৰত ভিত্তি কৰি দুই অভিযুক্ত ক্ৰমে মইনুল হকক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ লগতে ছেলিম উদ্দিনো দোষী প্ৰমাণিত হোৱাত তেওঁক যাৱজ্জীৱন কাৰাদণ্ড বিহিছিল।
অৱশ্যে এই নিম্ন আদালতৰ ৰায়ক খাৰিজ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে অন্য ন্যায় প্ৰদান কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে মইনুল হকক ফাঁচিৰ পৰিৱৰ্তে মাত্ৰ ৩ বছৰৰ কাৰাদণ্ড বিহে আৰু আনহাতে ছেলিম উদ্দিনৰ যাৱজ্জীৱনৰ শাস্তি বাহাল ৰাখিছে।
গুৱাহাটী উচ্চতম ন্যায়ালয়ে এই ৰায়ৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ওপৰতো। এই সমালোচনাৰ আৰু প্ৰতিক্ৰিয়াৰ মাজতে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত ভুল হোৱা বুলি স্বীকাৰ কৰে। আৰক্ষীয়ে ১২০ (বি), ৩৪ ধাৰা নলগোৱাৰ কথা প্ৰকাশ কৰে তেওঁ। ভৱিষ্যতে যাতে এনে নহয়, তাৰ বাবে আমি সাৱধান হ’ব লাগিব বুলিও মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে।
উল্লেখ্য যে, অৰ্ণমাই বৰা ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তদন্তৰ জৰিয়তেই অসম আৰক্ষীৰ একাংশ বিষয়াই অৰ্জন কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰস্কাৰ। এইসকল আৰক্ষী বিষয়াৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অনাগত দিনত হ’ব লক্ষ্যণীয়। আৰক্ষীৰ নিয়ম অনুসৰি এটা নিৰ্দিষ্ট গোচৰত আৰক্ষীৰ তদন্তৰ গাফিলতিৰ বাবে দোষীয়ে আদালতত নিৰ্দোষী বুলি ৰেহায় বা মুক্তি লাভ কৰে তেন্তে তদন্তকাৰী বিষয়াৰ শাস্তিৰ বিধান থাকে।













