কুঁৱলী অলপ কমি অহাৰ লগে লগে এইবাৰ উত্তৰ ভাৰত ৰ কেইবাখনো ৰাজ্যত প্ৰচণ্ড ঠাণ্ডা। ৰাজধানী দিল্লীৰ উপৰি পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু পশ্চিম উত্তৰ প্ৰদেশত শীত প্ৰবাহৰ পৰিস্থিতি।
আনহাতে, দক্ষিণ ভাৰতৰ পশ্চিমঘাটৰ সমীপৱৰ্তী অঞ্চলসমূহতো প্ৰচণ্ড শীত দেখা গৈছে। শনিবাৰে পুৱাৰ ভাগত কেৰালাৰ ৰাজধানী মুন্নাৰ বৰফেৰে আৱৰি ধৰে। অৱশ্যে কিছু বতৰ বিজ্ঞানীয়ে এই পৰিঘটনাক ‘তুষাৰপাত’ বুলি কʼব নিবিচাৰে।
বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি, উত্তৰ ভাৰতত ১৭ জানুৱাৰী পৰ্যন্ত উষ্ণতা বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই। বৰঞ্চ অহা সপ্তাহত উত্তৰ-পশ্চিম ভাৰতত নতুন শীত প্ৰবাহ গঠন হʼব পাৰে। যাৰ ফলত পাৰাৰ উষ্ণতা ৩ৰ পৰা ৫ ডিগ্ৰী চেলছিয়াছ হ্ৰাস পাব। কিন্তু প্ৰচণ্ড বতাহৰ বাবে কুঁৱলীৰ সম্ভাৱনা কম।