![]()
গুৱাহাটী (Guwahati) মহানগৰীৰ অভিজাত অঞ্চল উজানবজাৰৰ যোৰপুখুৰী (Uzanbazar’s Jorpukhuri) হৈছে দুটা ঐতিহাসিক পুখুৰী। পৰ্যটনৰ প্ৰবল সম্ভাৱনা থকা এই পুখুৰী দুটাৰ উন্নয়ন আৰু তাত নতুন উদ্যান নিৰ্মাণৰ (Construction of new parks) বাবে উদ্যোগ গ্ৰহণ কৰে অসম চৰকাৰে। ইতিমধ্যে যোৰপুখুৰীৰ সৌন্দৰ্যবৰ্ধনৰ কামৰ অন্ত পৰিছে।

শুকুৰবাৰে এই প্ৰকল্পৰ উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাইজক ভোগালী বিহুৰ উপহাৰ প্ৰদান কৰে। উদ্যানখন উদ্বোধন কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, “আহোম স্বৰ্গদেউ শিৱসিংহই কেইবাশতিকা আগতে নিৰ্মাণ কৰা যোৰপুখুৰী গুৱাহাটীৰ অন্যতম ঐতিহ্যময় পৰ্যটন স্থলী।
যোৰপুখুৰী আৰু ইয়াৰ সৈতে জড়িত ঐতিহাসিক গুৰুত্ব বজাই ৰাখি অধিক গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় কৰি তুলিবলৈ উজান বজাৰত যোৰপুখুৰী উদ্যান উদ্বোধন কৰি মই সুখী। ৰাজ্য চৰকাৰৰ পদক্ষেপ আৰু অমৃত অভিযানৰ অধীনত নিৰ্মাণ কৰা ৩.২৩ কোটি টকাৰ ব্যয়সাপেক্ষ উদ্যানখনে নিশ্চিতভাৱে দৰ্শনাৰ্থীসকলক এক সজীৱ অভিজ্ঞতা প্ৰদান কৰিব।

আগন্তুক সময়ত আমাৰ চৰকাৰে গুৱাহাটীক এখন সর্বাংগসুন্দৰ চহৰলৈ ৰূপান্তৰিত কৰিবলৈ অধিক পদক্ষেপ ল’ব, যাৰ জৰিয়তে গুৱাহাটীবাসীৰ আশা-আকাংক্ষা পূৰণ কৰিব বুলি মোৰ বিশ্বাস।”অনুষ্ঠানটোত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা, জি এম চিৰ মেয়ৰ মৃগেন শৰণীয়া, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাও উপস্থিত থাকে।













